ভাৰতৰ বহুপতি প্ৰথা
From Wikipedia, the free encyclopedia
ভাৰতৰ বহুপতি প্ৰথাৰ (ইংৰাজী: Polyandry in India) অৰ্থ হৈছে ঐতিহাসিক ভাৰতীয় উপমহাদেশৰ বা বৰ্তমানৰ ভাৰতবৰ্ষৰ এগৰাকী মহিলাৰ একে সময়তে দুই বা ততোধিক স্বামী থকা প্ৰথা। বহুপতি প্ৰথাৰ উদাহৰণ হিন্দু মহাকাব্য মহাভাৰতত দেখা পোৱা যায়; য'ত পাঞ্চাল ৰজাৰ জীয়ৰী দ্ৰৌপদীয়ে পাঁচজন ভাতৃৰ সৈতে একেলগে বিবাহ পাশত আৱদ্ধ হৈছিল।[1]
বহুপতি প্ৰথা মুখ্যতঃ ভাৰতৰ হিমাচলৰ এটা অংশ কিন্নৌৰ অঞ্চলত প্ৰচলিত আছিল। কিন্নৌৰ ভাৰত-চীন সীমান্তৰ ওচৰত অৱস্থিত। মহাভাৰতত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলক তেৰ বছৰৰ বাবে তেওঁলোকৰ ৰাজ্যৰ পৰা নিৰ্বাসিত কৰা হৈছিল আৰু শেষৰটো বছৰ কিন্নৌৰৰ এই পাহাৰীয়া অঞ্চলত অজ্ঞাতবাসত কটাইছিল। কিছুমান কিন্নৌৰীয়ে দাবী কৰে যে এই প্ৰথা তেওঁলোকে পাণ্ডৱসকলৰ পৰা উত্তৰাধিকাৰ সূত্ৰে পাইছে; যাক তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষ গণ্য কৰে।
দক্ষিণ ভাৰতত নীলগিৰিৰ টোড়া জনজাতি, ত্ৰিবাংকুৰৰ নাঞ্জানাদ ভেল্লালা জাতিৰ মাজতো বহুপতি প্ৰথা দেখা যায়।[2] যদিও বহুতো জনগোষ্ঠী আৰু জনজাতিৰ মাজত এই প্ৰথা নাইকীয়া হৈ গৈছে, তথাপিও কিছুমান পাহাৰীৰ মাজত, বিশেষকৈ উত্তৰ ভাৰতৰ গাড়োৱালক ‘জৌনচাৰ বাৱাৰ’ অঞ্চলত এই প্ৰথা দেখা যায়।
শেহতীয়া বছৰবোৰত কৃষিভূমিৰ বিভাজন পৰিহাৰ কৰিবলৈ পাঞ্জাবৰ মালৱা অঞ্চলৰ কৃষিজীৱি সমাজত বহুপতি প্ৰথা বৃদ্ধি পোৱা দেখা গৈছে।[3]