![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a8/Asia-map.png/640px-Asia-map.png&w=640&q=50)
ভাৰতৰ পূবলৈ চোৱা নীতি
From Wikipedia, the free encyclopedia
ভাৰতৰ পূবলৈ চোৱা নীতি বা লুক ইষ্ট পলিচী (ইংৰাজী: Look East policy) হৈছে এনে এক নীত যাৰ জৰিয়তে দক্ষিণ-পূব এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে দেশৰ অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক মজবুত কৰি নিজকে এক স্থানীয় শক্তিৰূপত গঢ় দিয়াৰ প্ৰচেষ্টা কৰা হৈছে। ১৯৯১ চনত হাতত লোৱা পূবলৈ চোৱা নীতিক চীনা গণৰাজ্যৰ কূটনীতিগত প্ৰভাৱৰ এক বিপৰীতকামী পদক্ষেপ বুলি গণ্য কৰা হয়।[1] প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ সময়ত এই নীতি হাতত লোৱা হয় আৰু পৰৱৰ্ত্তী কালত পিছৰ প্ৰধানমন্ত্ৰী ক্ৰমে অটল বিহাৰী বাজপেয়ী আৰু ড॰ মনমোহন সিঙে ইয়াক বাহাল ৰাখে।[2][3][4][5][6]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a8/Asia-map.png/640px-Asia-map.png)