ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য
ভাৰতীয় নাগৰিকৰ বাবে প্ৰদান কৰা অধিকাৰ / From Wikipedia, the free encyclopedia
মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান অংশ। এই তিনিটা অংশত নাগৰিকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ ° মৌলিক দায়দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যসমূহৰ বিশদ ব্যাখ্যা দিয়া হৈছে। এই অংশসমূহে চৰকাৰী নীতিনিৰ্ধাৰণ আৰু নাগৰিকসকলৰ আচাৰ-আচৰণৰ ক্ষেত্ৰত এটা সাংবিধানিক অধিকাৰ পত্ৰৰ ভূমিকা পালন কৰে। এই অংশ তিনিটা ১৯৪৭ পৰা ১৯৪৯ চনৰ মধ্যবৰ্তী সময়ত গণপৰিষদৰ দ্বাৰা ৰচিত মূল সংবিধানৰ অত্যন্ত গুৰুত্বপূৰ্ণ তিনিটা অংশ হিচাপে বিবেচিত হয়। মৌলিক অধিকাৰ হ’ল সকলো নাগৰিকৰ মানবাধিকাৰৰ মূলভিত্তি। সংবিধানৰ তৃতীয় খণ্ডত বৰ্ণিত এই অধিকাৰসমূহ জাতি, জন্মস্থান, ধৰ্ম, বৰ্ণ, বিশ্বাস আৰু লিঙ্গ নিৰ্বিশেষে সকলোতে সমভাৱে প্ৰযোজ্য। এই অধিকাৰসমূহ আদালতত বিচাৰযোগ্য। তথাপিটো এইসমূহৰ ওপৰত কিছু নিৰ্দিষ্ট বিধিনিষেধ আৰোপ কৰা যায়।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি হ’ল চৰকাৰৰ দ্বাৰা আইন প্ৰণয়নৰ নীতি-সংক্ৰান্তিয় নিৰ্দেশিকা। সংবিধানৰ চতুৰ্থ খণ্ডত বৰ্ণিত এই নীতিসমূহ আদালতত বিচাৰযোগ্য নহয়। তথাপিটো আশা কৰা হয়, চৰকাৰ পৰিচালনাৰ মৌলিক নিৰ্দেশিকাৰ যি আদৰ্শসমূহৰ ওপৰত এই নীতিসমূহ প্ৰতিষ্ঠিত, আইনৰ ৰূপদান আৰু প্ৰণয়নৰ সময়ত চৰকাৰে সেইসমূহ মানি চলিব।
মৌলিক কৰ্তব্য হ’ল সকল নাগৰিকেৰ নৈতিক দায়দায়িত্ব। এইসমূহৰ উদ্দেশ্য, দেশৰ জনগণৰ মাজত দেশাত্মবোধ জাগৰিত কৰা আৰু দেশৰ ঐক্য ৰক্ষা কৰা। সংবিধানৰ চতুৰ্থ -ক খণ্ডত বৰ্ননা কৰা এই কৰ্তব্যসমূহ দেশৰ প্ৰতিজন ব্যক্তি আৰু জাতিৰ ক্ষেত্ৰতেই প্ৰযোজ্য। নিৰ্দেশাত্মক নীতিসমূহৰ দৰেই এইসমূহ আদালতত বিচাৰযোগ্য নহয়।
ভাৰতবৰ্ষৰ মূল সংবিধানে মৌলিক কৰ্তব্যবোৰ সন্নিবিষ্ট কৰা নাছিল| সংবিধান নিৰ্মাতাসকলে সংবিধানত কোনো কৰ্তব্যৰ উল্লেখ কৰাটো প্ৰয়োজন বুলি ভবা নাছিল| কাৰণ, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক সকল কৰ্তব্যৰ বিষয়ে সজাগ থাকিব লাগিব| তেওঁলোকক সংবিধানে কিছুমান অধিকাৰ প্ৰদান কৰিছে আৰু এই অধিকাৰে কৰ্তব্যক সূচায়| সেয়েহে সংবিধানৰ নিৰ্মাতা সকলে ভাবিছিল যে ভাৰতীয় নাগৰিকৰ অধিকাৰৰ মাজতে তেওঁলোকৰ কৰ্তব্য লুকাই আছে| কিন্তু অৱশেষত দেখা গ’ল যে ভাৰতবৰ্ষৰ মানুহ নিজৰ কৰ্তব্য সম্পৰ্কে সজাগ নহয়| তেওঁলোকে নিজৰ স্বাৰ্থৰ বিষয়ে ভালদৰে জানে, কিন্তু ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি তেওঁলোকৰ কি দায়িত্ব বা কৰ্তব্য আছে সেই সম্পৰ্কে তেওঁলোক একেবাৰে উদাসীন| নাগৰিকৰ এনে মনোভাৱে যিকোনো গণতান্ত্ৰিক ৰাষ্ট্ৰক বিপদৰ পথলৈ লৈ যাব পাৰে|
ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰাৰ কথা চৰকাৰে গভীৰ ভাৱে চিন্তা কৰিছিল আৰু এই বিষয়ে পৰামৰ্শ দানৰ বাবে স্বৰণ সিঙৰ নেতৃত্বত এখন সমিতি গঠন কৰিছিল| এই সমিতিৰ পৰামৰ্শ মতে ভাৰতবৰ্ষৰ সংবিধানত মৌলিক কৰ্তব্য সমূহ লিপিবদ্ধ কৰা হয়| সংবিধানৰ ৪২ তম সংশোধনী আইনৰ দ্বাৰা এই মৌলিক কৰ্তব্য সমূহ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰা হয়| সংবিধানৰ চতুৰ্থ অংশৰ ৫১ এ নং অনুচ্ছেদত এই মৌলিক কৰ্তব্য সমূহ স্থান দিয়া হৈছে| মৌলিক কৰ্তব্য সমূহে সাংবিধানিক আইন হিচাপে ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে মৰ্যাদা লাভ কৰে| গতিকে এতিয়া প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি কিছুমান মহান কৰ্তব্য আছে| সেই কৰ্তব্য সমূহ তলত উল্লেখ কৰা হ’ল-
১) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা;
২) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শ সমূহ পোষণ আৰু অনুসৰণ কৰা;
৩) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা;
৪) দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা;
৫) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্ৰাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মৰ্যদা হানিকৰ আচৰণ ত্যাগ কৰা;
৬) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা;
৭) বননি, হ্ৰ্দ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াপৰৱশ হোৱা;
৮) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা, মানৱতাবোধ ভাৱৰ সৃষ্টি কৰা আৰু অনুসন্ধিৎসু তথা সংস্কাৰ মনোভাৱৰ বিকাশ সাধন কৰা;
৯) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ পৰিত্যাগ কৰা; আৰু
১০) ব্যক্তিগত আৰু সামূহিক সকলো কাম-কাজৰ ক্ষেত্ৰ্ত উৎকৰ্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা;
১১) ২০০২ চনৰ ৮৬ তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ’ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব|” এইটো হ’ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য|