ভাৰতীয় দৰ্শন
ভাৰতীয় উপমহাদেশৰ দাৰ্শনিক পৰম্পৰা / From Wikipedia, the free encyclopedia
ভাৰতীয় দৰ্শনৰ মূল বেদ। সংস্কৃতত দৰ্শনৰ নিষ্পন্ন ৰূপ হ'ল" দৃশ্" ধাতু আৰু ল্যুট্ প্ৰত্যয়। অতীজৰেপৰাই ভাৰতত বিভিন্ন দাৰ্শনিক পৰম্পৰা বিদ্যমান। [সৰ্বপল্লী ৰাধাকৃষ্ণণ]ৰ মতে, প্ৰথমৰ [উপনিষদ] কেইখনেই আছিল '...দৰ্শন সম্বন্ধে লিখিত পৃথিৱীৰ আটাইতকৈ পুৰণি পুথি। '[1]পাণিনী অষ্টাধ্যায়ীৰ‘দৃশিৰ্ প্ৰেক্ষণে ’ অৰ্থাৎ দৃশ্ ধাতুত ল্যুট্ প্ৰত্যয় সংযোগ হৈ সংস্কৃত দৰ্শন শব্দৰ উৎপত্তি হৈছে। দৃশ্যতে অনেন ইতি দৰ্শনম্ অৰ্থাৎ যাৰ দ্বাৰা দেখা হয়। দৰ্শন শব্দৰ বহুত অৰ্থত প্ৰয়োগ হোৱা দেখা যায় যেনে –জনা ,বুজা, চিন্তা কৰা, নিৰীক্ষন কৰা ইত্যাদি। গতিকে এই দৰ্শন শব্দটোৱে মাত্ৰ বহিৰ্ভূত জাগতিক পদাৰ্থক দেখা নুসূচায়, আনকি সামান্যভাৱে স্থূল নেত্ৰৰদ্বাৰা নেদেখি সূক্ষ্ম নেত্ৰৰ যোগেদি বিশেষভাৱে দেখাটো হে দৰ্শন শব্দৰ অভিপ্ৰায়। মনীষীসকলে দৃশ্যতে অনেন এই ব্যুৎপত্তি অনুসাৰে ‘আত্মা ৱা অৰে দ্ৰষ্টৱ্যঃ শ্ৰোতব্যঃ মন্তব্যঃ নিধিধ্যাসিতব্যঃ’ এই শ্ৰুতিবাক্যৰ দ্বাৰা উপদিষ্ট আত্মা সাক্ষাৎকাৰৰ সাধন হৈছে দৰ্শন। স্থূল আৰু সূক্ষ্ম উভয় প্ৰকাৰে দেখাই হৈছে দৰ্শনৰ মূল বিষয়বস্তু। চিন্তাৰ আধাৰত দৰ্শনৰ সৃষ্টি হয়, তৰ্কনিষ্ঠ বিচাৰ বিবেচনাই হৈছে জ্ঞানৰ মূল ভেটি। তৰ্কনিষ্ঠ বিচাৰ বিবেচনাৰ যোগেদি দৰ্শনে পৰম সত্তাৰ স্বৰূপ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। পাশ্চাত্য দৰ্শনে স্বতন্ত্ৰভাবে চিন্তা কৰে কিন্তু ভাৰতীয় দৰ্শন নীতি আৰু ধৰ্মৰ বিভিন্ন ব্যবহাৰিক দিশক সামৰি আধ্যাত্মিক চিন্তা চৰ্চা কৰে। মোক্ষ প্ৰাপ্তিয়েই হৈছে ভাৰতীয় দৰ্শনৰ মূল ভেটি। বাহ্যিকজগত আৰু আভ্যন্তৰীন জগতৰ বৈচিত্ৰ্যৰ আৰু বিপুল সমস্যাৰাজিৰ প্ৰতি থকা নৈসৰ্গিক জিজ্ঞাসা হৈছে দৰ্শনৰ মূল উৎস। দাৰ্শনিক চিন্তাই হৈছে মানৱৰ মূল প্ৰবৃত্তি। পৃথিৱীত বাস কৰা প্ৰত্যেক মানুহৰে একো একোটা জীৱন দৰ্শন আছে। ভাৰতীয় মনীষী সকলে তপস্যা আৰু সাধনাত ব্ৰতী হৈ নিজৰ জীৱন উৎসৰ্গা কৰি অক্লান্ত পৰিশ্ৰমেৰে যি আধ্যাত্মিক চিন্তাৰ জোৱাৰ তুলিছিল তাৰ মিঠা প্ৰতিফল হৈছে ভাৰতীয় দৰ্শনশাস্ত্ৰ। পৃথিবীৰ ভিতৰত অকল মানুহেই এনেকুৱা এটা প্ৰাণী যিহে নিজৰ বিবেকবুদ্ধি প্ৰয়োগ কৰি দক্ষতা আৰু পাৰদৰ্শিতাৰে চিন্তা-চৰ্চাৰ অনুপম সমল যোগাই নিজকে জীবশ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব পাৰিছে।
পাৰম্পৰিক ভাৱে ভাৰতীয় দৰ্শনক ৰক্ষণশীল বা আস্তিক আৰু অৰক্ষণশীল বা নাস্তিক এই দুটা ভাগত ভগোৱা হৈ আহিছে। 'বেদ'সমূহক জ্ঞানৰ সৰ্বোত্তম আকৰ হিচাপে গণ্য কৰা-নকৰাৰে ভিত্তিতে এই বিভাজন কৰা হৈছে।[2] ভাৰতীয় আস্তিক দৰ্শনক ছটা ভাগত ভাগ কৰা হৈছে, ক্ৰমে- ন্যায়, বৈশেষিক, সাংখ্য, যোগ, পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা বা বেদান্ত দৰ্শন। নাস্তিক দৰ্শনৰ তিনিটা ভাগ ক্ৰমে- জৈন, বৌদ্ধ আৰু বস্তুবাদী (চাৰ্বাক প্ৰতিটো বিভাগৰ মাজত নিজস্ব মত-বিৰোধ থাকিলেও মূল উদ্দেশ্য কিন্তু মোক্ষ। এই বিশ্বাস মতে প্ৰতিজন মানুহৰে জীৱন ব্যক্তি আৰু সমাজৰ মঙ্গলৰ অৰ্থে ব্যতীত হোৱা উচিত। প্ৰতিটো শাখাই ধৰ্ম আৰু অস্তিত্বৰ প্ৰশ্নৰ লগত জড়িত, আৰু নিজৰ দৰ্শন অনুসৰি নিৰ্বাণ লাভ কৰাৰ ভিন ভিন ধাৰণা পোষণ কৰে।
ভাৰতীয় দৰ্শনৰ মূল শাখাসমূহ খ্ৰী.পূ. ১০০০ চনৰ পৰা খ্ৰীষ্টাব্দৰ প্ৰথম শতিকা কেইটাতে গঢ় লৈ উঠিছিল। ইয়াৰ পাছত প্ৰতিটো যুগতে মূল ভাৱধাৰাৰ লগত নতুন নতুন বিষয়ৰ যোগ আৰু সংস্কাৰ সাধন কৰা হৈ আহিছে। উনবিংশ শতিকাত ঋষি অৰবিন্দ আৰু স্বামী প্ৰভুপাদেও ভাৰতীয় দৰ্শনলৈ নিজা অৱদান আগবঢ়ায়।
সমূহ ভাৰতীয় দৰ্শনৰ এটা মূল বৈশিষ্ট্য হৈছে ইয়াৰ বহুধা আৰু জীণ নিয়াৰ মানসিকতা। বিভিন্ন শাখাৰ মাজত থকা সাদৃশ্যৰ বাবে ভিন ভিন শাখাৰ পণ্ডিত একেলগে বহি আলোচনা কৰি কেবাটাও বিষয়ৰ ওপৰত একমত হ'ব পাৰে।
প্ৰাৰম্ভিক কালচোৱাত শাখাসমূহৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ আছিল, মূলতঃ খ্ৰী.পূ. ৮০০ চনৰপৰা খ্ৰী. ২০০-লৈ। এই প্ৰতিযোগিতাৰ মাজত জৈন, বৌদ্ধ, শৈৱ আৰু অদ্বৈত আদি ৰৈ গ'ল আৰু সাংখ্য, অজিৱিকা আদি দৰ্শন হয় মাৰ গ'ল নহয়, আন দৰ্শনৰ অন্তৰ্ভুক্ত হ'ল।[3]