![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6a/Bharata_Natyam_Performance_DS.jpg/640px-Bharata_Natyam_Performance_DS.jpg&w=640&q=50)
ভাৰতনাট্যম
দক্ষিণ ভাৰতীয় নৃত্যশৈলি / From Wikipedia, the free encyclopedia
ভাৰতনাট্যম (ইংৰাজী: Bharat Natyam) দক্ষিণ ভাৰতৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা। ভাৰতনাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰতনাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে ক’ব বিচাৰে যে ভৰত মুণিয়ে প্ৰবৰ্তন কৰিছিল বাবে এই নৃত্যকলাৰ নাম ভাৰতনাট্যম হয়। অন্যান্য ভাৰতীয় নৃত্যধাৰাৰ দৰে ভাৰতনাট্যমৰো মূল ভাবধাৰা ধৰ্মভিত্তিক আৰু দেৱতাকেন্দ্ৰিক। ভৰত মুণিয়ে তৃতীয় শতিকাত ৰচনা কৰা ‘নাট্যশাস্ত্ৰ’ৰ পৰা ভাৰতনাট্যমৰ কিছুমান কৌশল, মুদ্ৰা আৰু সংজ্ঞা লোৱা হৈছে। ভাৰতনাট্যম প্ৰথমাৱস্থাত মন্দিৰৰ দেৱদাসীসকলে পৰিৱেশন কৰিছিল। ষোড়শ শতিকাত দেৱদাসী প্ৰথা লোপ পোৱাৰ পিছত ভাৰতনাট্যমৰো চৰ্চা কমি আহে। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত চিন্নায়া, পুন্নিয়া, ভাদিভেলু আৰু শেৱনন্দম নামৰ চাৰিজন প্ৰতিভাবান নৰ্তক ভাতৃয়ে অনেক অনুসন্ধান তথা গৱেষণাৰ অন্তত ‘দাসী আট্টম’ নামেৰেও পৰিচিত এই নৃত্যকলাক পাহৰণিৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰে। তেওঁলোকে জনপ্ৰিয় কৰি তোলা এই নৃত্যই পিছলৈ ভাৰতনাট্যম নামেৰে প্ৰসিদ্ধ হয়। ভাৰতনাট্যম সাধাৰণতে নাৰীয়ে পৰিবেশন কৰে যদিও পৰম্পৰাগতভাৱে এই নৃত্যৰ গুৰু পুৰুষহে। ভাৰতনাট্যম নৃত্য পূৰ্ণাঙ্গ ৰূপত পৰিবেশন কৰিবলৈ প্ৰায় দুঘণ্টা লাগে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |