ভলতেয়ৰ
From Wikipedia, the free encyclopedia
ভলতেয়ৰ (২১ নৱেম্বৰ ১৬৯৪ – ৩০ মে ১৭৭৮) ফ্ৰান্সৰ বৌদ্ধিক জাগৰণ যুগৰ এজন মহান লেখক, নাট্যকাৰ আৰু দাৰ্শনিক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ফ্ৰাঙ্কোইচ-মেৰী আহো। তেওঁ নিজৰ বুদ্ধি, দাৰ্শনিক মনোভাৱ আৰু নাগৰিক স্বাধীনতাৰ (ধৰ্মৰ স্বাধীনতা আৰু মুক্ত বাণিজ্য) সমৰ্থনৰ বাবেও জনাজাত।
ক্ষিপ্ৰ তথ্য ভলতেয়ৰ, জন্ম ...
ভলতেয়ৰ | |
---|---|
প্ৰায় ১৭২০ চনত Nicolas de Largillièreৰ দ্বাৰা অংকন কৰা ভলতেয়ৰৰ চিত্ৰ। | |
জন্ম | François-Marie Arouet ২১ নৱেম্বৰ, ১৬৯৪ পেৰিছ, ফ্ৰান্স ৰাজ্য |
মৃত্যু | ৩০ মে', ১৭৭৮ (৮৩ বছৰ) পেৰিছ, ফ্ৰান্স ৰাজ্য |
সমাধিস্থল | Panthéon, পেৰিছ |
পেচা | লেখক, দাৰ্শনিক, ইতিহাসবিদ |
ভাষা | French |
শিক্ষা | Collège Louis-le-Grand |
সময় | অষ্টদশ শতিকা |
সাহিত্যিক বিপ্লৱ | Classicism |
উল্লেখনীয় কৰ্মৰাজি | Candide The Maid of Orleans The Age of Louis XIV |
সহযোগী | Émilie du Châtelet (1733–1749) Marie Louise Mignot (1744–1778) |
বন্ধ কৰক
ভলতেয়ৰে সাহিত্যৰ প্ৰায় প্ৰতিটো ধাৰাতে লিখিছিল। তেওঁ নাটক, কবিতা, উপন্যাস, প্ৰবন্ধ, ঐতিহাসিক আৰু বৈজ্ঞানিক লিখনি আৰু ২০,০০০ তকৈও অধিক চিঠি আৰু পত্ৰিকা ৰচনা কৰিছিল।[1]
সেই সময়ত ফ্ৰান্সত অভিব্যক্তিৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আছিল যদিও তেওঁ সামাজিক সংস্কাৰৰ সপক্ষে মুকলিকৈ কথা পাতিছিল। তেওঁৰ ৰচনাসমূহৰ জৰিয়তে তেওঁ ৰোমান কেথলিক গীৰ্জা আৰু অন্যান্য ফৰাচী প্ৰতিষ্ঠানসমূহৰ উপহাস কৰিছিল।[2]