বৰ্ণবৈষম্য নীতি
From Wikipedia, the free encyclopedia
বৰ্ণবৈষম্য নীতি বা আপাৰ্টহাইট (আফ্ৰিকান্স ভাষাত: Apartheid) দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ পশ্চিম আফ্ৰিকা (বৰ্তমানৰ নামিবিয়া)-ত ১৯৪৮ চনৰ পৰা ১৯৯০-ৰ দশকলৈ চলা জাতিগত বিভাজনৰ এক নীতি বা ব্যৱস্থা।[note 1] এই ব্যৱস্থাত মূলতঃ ক'লা চালৰ কৃষ্ণাংগ লোকসকলক বগা চালৰ শ্বেতাংগ লোকসকলৰ পৰা নিলগাই ৰাখি কেৱল শ্বেতাংগ লোকক সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছিল। বৰ্ণবৈষম্য নীতিয়ে শ্বেতাংগৰ আধিপত্য (white supremacy)-ৰ ওপৰ ভিত্তি কৰি এক স্বৈৰাচাৰী ৰাজনৈতিক সংস্কৃতি গঢ়ি তুলিছিল, যাৰ ফলত দক্ষিণ আফ্ৰিকাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত দেশখনৰ সংখ্যালঘু শ্বেতাংগ লোকসকলে আধিপত্য বিস্তাৰ কৰিছিল।[4] সামাজিক স্তৰবিন্যাসৰ এই পদ্ধতি অনুসৰি শ্বেতাংগ নাগৰিকসকলে সৰ্বোচ্চ মৰ্যদা লাভ কৰিছিল, তাৰ পাছত ক্ৰমান্বয়ে স্থান আছিল এছিয়, বৰ্ণসংকৰ আৰু আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ।[4] বৰ্ণবৈষম্য নীতিৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাবসমূহ আজিও অব্যাহত আছে।[5][6][7] আফ্ৰিকান্স ভাষাৰ শব্দ "আপাৰ্টহাইট"-ৰ[8] অৰ্থ "পৃথকীকৰণ" বা জাতিগত পাৰ্থক্যৰ ওপৰ ভিত্তি কৰি পৃথক আবাসীক ব্যৱস্থা।[9][10]