বৰ্গ (ইংৰাজী: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড') জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট। জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে। এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে। ইয়াৰ উপৰিও শ্ৰেণী আৰু বৰ্গ, বৰ্গ আৰু পৰিয়াল বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো উপগোট নাইবা অধিগোট আদি থাকে।[1]

Thumb
জীৱজগতৰ বৰ্গীকৰণ তালিকা, শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে।

ইতিহাস

জাৰ্মান উদ্ভিদবিদ আগাষ্টাছ কুইকিনাছ ৰিভিনাছে ১৬৯০ চনত, তেওঁৰ ধাৰাবাহিক ভাৱে প্ৰকাশিত এটি প্ৰবন্ধত বৰ্গ যে এটা সুনিৰ্দিষ্ট নামৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান সেইটো প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল। কেৰলাছ লিনিয়াছে তেওঁৰ ছিষ্টেমা নেচাৰিয়াত (১৭৩৫, প্ৰথম সংস্কৰণ) বৰ্ণিত তেওঁৰ ৰাজ্য সমূহৰ (এনিমেল, ভেজিটেবিল আৰু লেপিডিয়াম) বিভাজনত, ইয়াক প্ৰথম পদ্ধতিগত ভাৱে ব্যৱহাৰ কৰিছিল।

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.