ব্ৰিটিছ কলম্বিয়া
From Wikipedia, the free encyclopedia
ব্ৰিটিছ কলম্বিয়া (BC; ফৰাচী: Colombie-Britannique) কানাডাৰ আটাইতকৈ পশ্চিম প্ৰান্তৰ এখন প্ৰদেশ। প্ৰশান্ত মহাসাগৰ আৰু ৰকি পৰ্বতমালাৰ মাজত অৱস্থিত এই প্ৰদেশখন উপকূল, অৰণ্য, হ্ৰদ, পাহাৰ, অভ্যন্তৰীণ মৰুভূমি আৰু ঘাঁহনিৰে ভৰা সমভূমিৰে প্ৰাকৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ।[1] ইয়াৰ পূবে কানাডাৰ আলবাৰ্টা প্ৰদেশ ( Alberta) আৰু উত্তৰে কানাডাৰ ইউকন (Yukon) আৰু নৰ্থৱেষ্ট টেৰিটৰিজ (Northwest Territories) আছে। ২০২১ চনৰ লোকপিয়ল অনুসৰি ব্ৰিটিছ কলম্বিয়াৰ আনুমানিক জনসংখ্যা ৫২ লাখ। এই প্ৰদেশ কানাডাৰ তৃতীয় সৰ্বাধিক জনবহুল প্ৰদেশ।[2] ব্ৰিটিছ কলম্বিয়াৰ ৰাজধানী ভিক্টোৰিয়া আৰু ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ হ'ল ভেনকুভাৰ। ২০২১ চনৰ লোকপিয়ল অনুসৰি কানাডাৰ তৃতীয় বৃহত্তম মহানগৰ অঞ্চল মেট্ৰ' ভেনকুভাৰৰ মুঠ জনসংখ্যা ২৬ লাখ।[3]
ঐতিহাসিকভাৱে কমেও ১০ হাজাৰ বছৰ পূৰ্বে ব্ৰিটিছ কলম্বিয়াত প্ৰথম মানুহে বসতি স্থাপন কৰিছিল। এনে গোটসমূহৰ ভিতৰত প্ৰধান হ'ল ক’ষ্ট ছালিছ (Coast Salish), ছিলক'টিন (Tsilhqotʼin), আৰু হাইদা (Haida) জনগোষ্ঠীৰ লোকসকল। এই অঞ্চলৰ আটাইতকৈ প্ৰাচীন ব্ৰিটিছ বসতিসমূহৰ ভিতৰত অন্যতম হ'ল ১৮৪৩ চনত স্থাপিত হোৱা ফ’ৰ্ট ভিক্টোৰিয়া। পৰৱৰ্তী সময়ত ফ্ৰেজাৰ অঞ্চলত সোণৰ সন্ধান কৰিবলৈ প্ৰতি সঁহাৰি জনাই মূল ভূখণ্ডত কলনী অৱ ব্ৰিটিছ কলম্বিয়া (১৮৫৮–১৮৬৬) প্ৰতিষ্ঠা কৰা হয়।[4] যদিও গৱৰ্ণৰ জেমছ ডগলাছে ফ'ৰ্ট লেংলী উপনিবেশৰ অস্থায়ী ৰাজধানী হিচাপে বাছি লৈছিল, ৰিচাৰ্ড ক্লীমেণ্ট মুডীয়ে পিছত ফ্ৰেজাৰ নদীত নিউ ৱেষ্টমিনিষ্টাৰ নামেৰে এখন নতুন ৰাজধানী স্থাপন কৰে। ১৮৬৬ চনত ভেনকুভাৰ দ্বীপ আৰু ব্ৰিটিছ কলম্বিয়াৰ উপনিবেশসমূহ একত্ৰিত হ'ল আৰু ভিক্টোৰিয়াক সংযুক্ত উপনিবেশৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰে। ১৮৭১ চনত ব্ৰিটিছ কলম্বিয়া টাৰ্মছ অৱ ইউনিয়ন (British Columbia Terms of Union)ৰ জৰিয়তে কানাডাৰ ষষ্ঠ প্ৰদেশ হিচাপে ব্ৰিটিছ কলম্বিয়া চিহ্নিত হয়।
ব্ৰিটিছ কলম্বিয়া এখন বৈচিত্ৰময় প্ৰদেশ। ইয়াৰ ব্ৰিটিছ, ইউৰোপীয় আৰু এছিয়ান প্ৰব্ৰজনকাৰীসকলৰ লগতে খিলঞ্জীয়া লোকৰ সাংস্কৃতিক প্ৰভাৱেৰে এই প্ৰদেশ সমৃদ্ধ। যদিও ব্ৰিটিছমূলীয় লোকেই প্ৰদেশখনত সংখ্যাগৰিষ্ঠ, বহুতো ব্ৰিটিছ কলম্বিয়ানৰ পূৰ্বপুৰুষ মহাদেশীয় ইউৰোপ, চীন আৰু দক্ষিণ এছিয়া আদিৰ পৰাও অহাৰ তথ্য পোৱা যায়।[5] প্ৰদেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫ শতাংশ খিলঞ্জীয়া কানাডিয়ান। খ্ৰীষ্টান ধৰ্মীয় লোকেই এই প্ৰদেশত সংখ্যাগৰিষ্ঠ যদিও কানাডাৰ মানদণ্ড অনুসৰি কোনো ধৰণৰ ধৰ্মীয় সংযোগ নথকা বুলি দাবী কৰা ব্ৰিটিছ কলম্বিয়ানসকলৰ সংখ্যাও যথেষ্ঠ।[6] প্ৰদেশখনৰ সাধাৰণ ভাষা ইংৰাজী যদিও মেট্ৰ’ ভেনকুভাৰ অঞ্চলত পাঞ্জাবী, মেণ্ডেৰিন চাইনিজ, কেণ্টনীজ ভাষী লোকো আছে। ফ্ৰাংকো-কলম্বিয়ান সম্প্ৰদায়টো আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ভাষিক সংখ্যালঘু আৰু প্ৰায় ৭২,০০০ ব্ৰিটিছ কলম্বিয়ান লোকে ফৰাচী ভাষাক তেওঁলোকৰ মাতৃভাষা হিচাপে দাবী কৰে।[7] ব্ৰিটিছ কলম্বিয়াত কমেও ৩৪টা সুকীয়া খিলঞ্জীয়া ভাষা প্ৰচলিত বুলি জনা যায়। [8]
ব্ৰিটিছ কলম্বিয়াৰ অৰ্থনীতিৰ প্ৰধান খণ্ডসমূহৰ ভিতৰত আছে অৰণ্য, খনন, চলচ্চিত্ৰ নিৰ্মাণ আৰু ভিডিঅ’ নিৰ্মাণ, পৰ্যটন, নিৰ্মাণ, পাইকাৰী, আৰু খুচুৰা বিক্ৰী। ইয়াৰ মূল ৰপ্তানিসমূহৰ ভিতৰত আছে কাঠ, কাঠ আৰু কাগজৰ সামগ্ৰী, তাম, কয়লা আৰু প্ৰাকৃতিক গেছ।[9] ব্ৰিটিছ কলম্বিয়া সামুদ্ৰিক বাণিজ্যৰ বাবে এক উল্লেখযোগ্য কেন্দ্ৰ।[10] ভেনকুভাৰ বন্দৰ কানাডাৰ আটাইতকৈ ডাঙৰ বন্দৰ।[11] যদিও প্ৰদেশখনৰ ৫ শতাংশতকৈও কম ভূখণ্ড কৃষিযোগ্য ভূমি, উষ্ণ জলবায়ুৰ বাবে ফ্ৰেজাৰ উপত্যকা আৰু অ'কানাগানত উল্লেখযোগ্য কৃষি ব্যৱস্থা আছে।[12] ব্ৰিটিছ কলম্বিয়া হৈছে জিডিপিৰ হিচাপত চতুৰ্থ বৃহত্তম প্ৰদেশ বা ভূখণ্ড।[13]