বৈদ্যুতিক অভিযান্ত্ৰিকী
From Wikipedia, the free encyclopedia
বৈদ্যুতৰ উপকাৰী তাৰ আৰু অপকাৰিতা অভিযান্ত্ৰিকী ইংৰাজী: Electrical engineering হৈছে অভিযান্ত্ৰিক বিদ্যাসমূহৰ ভিতৰৰ এক পুৰণি তথা গুৰুত্বপূৰ্ণ বিভাগ য'ত বিদ্যুৎ, অণুবিদ্যুৎ, আৰু বিদ্যুৎ-চুম্বকত্বৰ কাৰিকৰী অধ্যয়ন-প্ৰশিক্ষণ আৰু ক্ষেত্ৰ-প্ৰয়োগৰ ব্যৱস্থা কৰা হয়। ঊনবিংশ শতিকাৰ শেষৰ ফালে যেতিয়া বেতাঁৰ-বাৰ্তা, দূৰভাষ, বিদ্যুত-শক্তি বিতৰণ ব্যৱস্থাৰ ব্যৱসায়িকৰণ আৰম্ভ হয়, তেতিয়াৰ পৰাই এই বৃত্তিটোৱে গা কৰি উঠে।
বৈদ্যুতিক অভিযান্ত্ৰিকীৰ বিভিন্ন উপ-বিভাগ সমূহৰ ভিতৰত অণুবিদ্যুৎ, আংকিক-গন্ত্ৰ, উচ্চ-শক্তি অভিযান্ত্ৰিকী, দুৰ-সংযোগ, বৈদ্যুতিক-নিয়ন্ত্ৰণ তন্ত্ৰ, অনাতাঁৰ-তৰংগ অভিযান্ত্ৰিকী, সংকেত-পৰিশোধন, বৈদ্যুতিক জোখমাখ আৰু সম্পৰ্কীয় আহিলাপাতি আৰু অতি সূক্ষ্ম-বিদ্যুৎ বিদ্যাও অন্তৰ্ভুক্ত হৈ আছে।
বৈদ্যুতিক অভিযন্তা সকলে সাধাৰণতে শিক্ষান্তত স্নাতক উপাধি লাভ কৰি স্বীকৃত হয়। কৰ্মত-জড়িত অভিযন্তা সকল পেশাদাৰী প্ৰমাণপত্ৰিত অথবা পেশাদাৰী গোটৰ সদস্য হ'ব পাৰে। তেনে দুই প্ৰতিষ্ঠিত গোট হৈছে Institute of Electrical and Electronic Engineers (IEEE) আৰু Institution of Engineering and Technology (IET)।
বৈদ্যুতিক অভিযন্তা সকলে বিভিন্ন ধৰণৰ কাৰখানাত বিভিন্ন স্থানত কাম কৰে আৰু যাৰ বাবে তেওঁলোকৰ পৰা ভিন্ন ক্ষেত্ৰবিশেষ দক্ষতা আৰু পাৰদৰ্শিতা আশা কৰা হয়। এনে ক্ষেত্ৰসমূহ সাধাৰণ বৈদ্যুতিক-বৰ্তনী তত্ত্ব জ্ঞানৰ পৰা আৰম্ভ কৰি প্ৰবন্ধন দক্ষতা পৰ্য্যন্ত লৈকে হ'ব পাৰে। সেইদৰে তেওঁলোকে ব্যৱহাৰ কৰা আহিলা পাতি সমূহ এটি সাধাৰণ বিভৱ-পাৰ্থক্য মাপনযন্ত্ৰ ভল্টামিটাৰৰ পৰা আৰম্ভ কৰি উন্নত প্ৰদ্যোগিৰ তৰংগবিশ্লেষক অথবা অত্যাধুনিক কল্পসৃষ্টি আৰু প্ৰস্তুতিকৰণৰ বাবে লাগতিয়াল গন্ত্ৰপ্ৰান পৰ্য্যন্ত হ'পাৰে।