![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/04/Temples_at_Deorgag%252C_Santal_Parhanas%252C_Bihar_-_William_Hodges%252C_1782_-_BL_Foster_396.jpg/640px-Temples_at_Deorgag%252C_Santal_Parhanas%252C_Bihar_-_William_Hodges%252C_1782_-_BL_Foster_396.jpg&w=640&q=50)
বৈদ্যনাথ মন্দিৰ
From Wikipedia, the free encyclopedia
বৈদ্যনাথ মন্দিৰ ভাৰতৰ অন্যতম প্ৰধান তীৰ্থস্থান। শিৱৰ বাৰ জ্যোতিৰ্লিংগৰ ভিতৰত বৈদ্যনাথ মন্দিৰৰ শিৱলিংগকো এক হিচাপে গণ্য কৰা হয়। সেয়েহে ভাৰতৰ শৈৱ উপাসক সকলে বৈদ্যনাথ মন্দিৰ দৰ্শনত চৰম সাৰ্থকতা বিচাৰি পায়। পৌৰাণিক আখ্যানৰ ভিত্তিত নিৰূপণ কৰা বৈদ্যনাথ জ্যোতিৰ্লিংগৰ প্ৰকৃত অৱস্থিতি লৈ অৱশ্যে যথেষ্ঠ মতানক্য আছে। বৈদ্যনাথ মন্দিৰ ভাৰত বিহাৰ ৰাজ্যৰ অন্তৰ্গত ঝাৰখণ্ড ৰাজ্যৰ দেওগড় নামে ঠাইত অৱস্থিত।
ক্ষিপ্ৰ তথ্য বৈদ্যনাথ জ্যোতিৰ্লিংগ, দেওগড়, ঝাৰখণ্ড ...
বৈদ্যনাথ জ্যোতিৰ্লিংগ, দেওগড়, ঝাৰখণ্ড | |
---|---|
![]() ১৭৮২ খ্ৰীষ্টাব্দত অংকিত বৈদ্যনাথ মন্দিৰৰ তৈলচিত্ৰ, অংকন: উইলিয়াম হগ |
বন্ধ কৰক
তিনিখন ভিন্ন ভিন্ন স্থানৰ শিৱলিংগক বৈদ্যনাথ জ্যোতিৰ্লিংগ হিচাপে সেই স্থান অধিবাসীসকলে দাবী প্ৰদৰ্শন কৰে। এই তিনি তীৰ্থস্থান হ’ল-
- বৈদ্যনাথ জ্যোতিৰ্লিংগ, দেওগড়, ঝাৰখণ্ড
- বৈজ্যনাথ মন্দিৰ, পাৰ্লী, মহাৰাষ্ট্ৰ
- বৈজ্যনাথ মন্দিৰ, বৈজ্যনাথ, হিমাচল প্ৰদেশ