![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/40/Sunflower_sky_backdrop.jpg/640px-Sunflower_sky_backdrop.jpg&w=640&q=50)
বেলি ফুল
From Wikipedia, the free encyclopedia
বেলি ফুল (ইংৰাজী: Sun flower) হৈছে সপুষ্পক উদ্ভিদৰ এটা গণ। ইয়াৰ প্ৰায় ৭০ টা প্ৰজাতি আছে।[1] দক্ষিণ আমেৰিকাৰ তিনিটা প্ৰজাতিৰ বাদে Helianthusৰ সকলো প্ৰজাতি উত্তৰ আমেৰিকাৰ থলুৱা উদ্ভিদ। সাধাৰণতে, "বেলিফুল" বুলিলে Helianthus annuus বা সাধাৰণ বেলি ফুল নামৰ বিখ্যাত প্ৰজাতিটোক বুজায়, যাৰ পাহিৰে সৈতে গোলাকাৰ পুষ্পমুণ্ডটো বেলিৰ দৰে দেখা যায়।[2] মানুহ, পশু আৰু পক্ষীৰ খাদ্য তথা আলংকাৰিক উদ্ভিদ হিচাপে বেলি ফুলৰ খেতি কৰা হয়।[3] H. annuus নামৰ প্ৰজাতিটো গ্ৰীষ্ম কালৰ পৰা প্ৰাক-বৰ্ষা কালত গজে, মধ্য গ্ৰীষ্ম কালত ইয়াৰ সৰ্বাধিক বৃদ্ধি হয়।[4]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5f/%E0%A6%AC%E0%A7%87%E0%A6%B2%E0%A6%BF_%E0%A6%AB%E0%A7%81%E0%A6%B2_sun_flower.jpg/640px-%E0%A6%AC%E0%A7%87%E0%A6%B2%E0%A6%BF_%E0%A6%AB%E0%A7%81%E0%A6%B2_sun_flower.jpg)
![]() |
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য বেলি ফুল, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
বেলি ফুল | |
---|---|
![]() | |
সাধাৰণ বেলি ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Asterales |
পৰিয়াল: | Asteraceae |
উপপৰিয়াল: | Asteroideae |
গোত্ৰ: | Heliantheae |
গণ: | Helianthus |
সমাৰ্থক | |
Harpalium (Cass.) Cass. |
বন্ধ কৰক
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f9/Sunflower_%E0%A6%AC%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A5%A4.jpg/640px-Sunflower_%E0%A6%AC%E0%A7%87%E0%A6%B2%E0%A6%BF%E0%A6%AB%E0%A7%81%E0%A6%B2%E0%A5%A4.jpg)
বেলিফুলৰ বহুবৰ্ষজীৱী উদ্ভিদবোৰ বহুলভাৱে বিস্তাৰিত হয় বাবে সাধাৰণতে বাগিচাত ৰোপন কৰা নহয়। Helianthus verticillatus, নামৰ প্ৰজাতিটো বিলুপ্তপ্ৰায় উদ্ভিদ বুলি গন্য কৰা হয়।[5]