বেন ফ্ৰেংকলিন প্ৰভাৱ (ইংৰাজী: Ben Franklin effect) হৈছে এটা প্ৰস্তাৱিত মনোবৈজ্ঞানিক প্ৰপঞ্চ, য'ত: ইতিমধ্যেই অনুগ্ৰহ (সহায়) কৰি থোৱা মানুহ এজনে অইন এজন মানুহৰ প্ৰতি পুনৰ অনুগ্ৰহ কৰাৰ সম্ভাৱনীতা দেখা যায়-লাগিলে সেই মানুহজনৰ পৰা তেওঁ অনুগ্ৰহ লাভ কৰকেই বা নকৰকেই৷ ইয়াৰ এটা ব্যাখ্যা হৈছে- বোধগত অসন্তুষ্টতা (৷) মানুহে কাৰণ দৰ্শায় যে, তেওঁলোকে আনক ভাল পায় বাবে সহায় আগবঢ়ায়, যদিওবা কথাটো তেনেকুৱা নহয়৷ কাৰণ মানুহৰ মনবোৰে নিজৰ কৰ্ম আৰু ধাৰণাৰ মাজত এটা যৌক্তিক ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ পৰিশ্ৰম কৰিব লগা হয়৷

Thumb
বেঞ্জামিন ফ্ৰেংকলিন

অন্য এক অৰ্থত, সংকটৰ সমুখীন হোৱা নিজস্বতাৰ ধাৰণাটোৰ পৰিণতিয়েই হৈছে বেঞ্জামিন ফ্ৰেংকলিন প্ৰভাৱ৷ প্ৰতিগৰাকী ব্যক্তিয়েই একোটা ভাৱমূৰ্তি নাইবা ব্যক্তিত্ব নিৰ্মাণ কৰি লয়৷ আৰু সেই ভাৱমূৰ্তিটো বৰ্তি থাকে-এইবাবেই যে ব্যক্তিজনৰ ব্যক্তিগত বৰ্ণনাত সংগতিহীনতা বা (শূন্য ধাৰাবাহিকতা) পুনৰ্লিখিত হয়, সম্পাদিত হয় আৰু বিসংগতিপূৰ্ণভাৱে গৃহীত হয়৷ [1]

প্ৰভাৱটোৰ প্ৰসংগত ফ্ৰেংকলিনৰ পৰ্যবেক্ষণ

বেঞ্জামিন ফ্ৰেংকলিন, যাৰ নামেৰে এই বিশেষ প্ৰভাৱটো নামাংকিত কৰা হৈছে; তেখেতে আত্মজীৱনীত "পুৰণি প্ৰবচন" এটাক এইদৰে ব্যাখ্যা কৰিছে: "He that has once done you a kindness will be more ready to do you another, than he whom you yourself have obliged."[2]

ওঠৰ শতিকাত পেনছিলভেনিয়া ন্যায়সভাত কৰ্মৰত হৈ থকাৰ সময়ত ফ্ৰেংকিলনে কেনেদৰে এজন প্ৰতিদ্বন্দ্বী বিধায়কৰ বিদ্বেষৰ সৈতে মোকাবিলা কৰিছিল; সেই বিষয়ে আত্মজীৱনীত তেখেতে বৰ্ণনা কৰিছে এইদৰে:

Having heard that he had in his library a certain very scarce and curious book, I wrote a note to him, expressing my desire of perusing that book, and requesting he would do me the favour of lending it to me for a few days. He sent it immediately, and I return'd it in about a week with another note, expressing strongly my sense of the favour. When we next met in the House, he spoke to me (which he had never done before), and with great civility; and he ever after manifested a readiness to serve me on all occasions, so that we became great friends, and our friendship continued to his death.

ব্যৱহাৰ

বিক্ৰী বা ছেলছৰ ক্ষেত্ৰত, বেন ফ্ৰেংকিলন প্ৰভাৱ ব্যৱহাৰ কৰি গ্ৰাহকৰ লগত সুসম্বন্ধ স্থাপন কৰিব পাৰি৷ [3] সম্ভাব্য গ্ৰাহক এজনক সহায় কৰাৰ পৰিৱৰ্তে এইজন বিক্ৰেতাই সম্ভাব্য গ্ৰাহকজনক সহায় বিচাৰি অনুৰোধ কৰিব পাৰে৷ উদাহৰণস্বৰূপে, গ্ৰাহক এজন কেনেধৰণৰ পণ্যৰ দ্বাৰা উপকৃত হয়, ভৱিষ্যতৰ বজাৰখনৰ সন্দৰ্ভত তেওঁলোকৰ কি ধাৰণা- আদি কথাবোৰ আপোনাৰ লগত (বিক্ৰেতা)ৰ লগত ভগাই ল'বলৈ ক'ব পাৰি৷ তেনেধৰণৰ উপকাৰ বা অনুৰোধৰ দ্বাৰায়েই পৰৱৰ্তী সময়ত সেইগৰাকী ক্ৰেতাৰ সময় আৰু বিনিয়োগ লাভ কৰিবলৈ সক্ষম হ'ব পাৰি৷ [4]

লগতে চাওক

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.