বেংকক
From Wikipedia, the free encyclopedia
বেংকক (ইংৰাজী: Bangkok) হৈছে থাইলেণ্ডৰ ৰাজধানী তথা আটাইতকৈ জনবহুল চহৰ। থাই ভাষাত ইয়াক খ্ৰুং থেপ মহা নাশন (กรุงเทพมหานคร বা চমুকৈ খ্ৰুং থেপ (সহায়·তথ্য) বুলি কোৱা হয়। এই চহৰখনে মধ্য থাইলেণ্ডৰ চাও ফ্ৰায়া নদীৰ ব-দ্বীপৰ প্ৰায় ১,৫৬৮.৭ বৰ্গ কি.মি. (1.5687×109 বৰ্গ মিটাৰ) অঞ্চল অধিকাৰ কৰি আছে, আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৮০ লাখতকৈও অধিক, ই থাইলেণ্ডৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২.৬ শতাংশ। প্ৰায় ১.৪০ কোটিতকৈও অধিক লোক (২২.২ শতাংশ) বেংকক মহানগৰীয় অঞ্চলৰ আশেপাশে বসবাস কৰে, এইবাবে অন্য নগৰীয় অঞ্চলতকৈ ইয়াৰ অধিক গুৰুত্ব পৰিলক্ষিত হয়।
বেংকক กรุงเทพมหานคร খ্ৰুং থেপ মহা নাশন |
|||
---|---|---|---|
— বিশেষ প্ৰশাসনিক অঞ্চল — | |||
Bangkok Montage.pngClockwise from top: Wat Benchamabophit (Marble Temple), Giant Swing, Wat Arun, Ananta Samakhom Throne Hall, view over Lumpini Park area at night, and Wat Phra Kaeo | |||
|
|||
থাইলেণ্ডৰ মানচিত্ৰত বেংকক | |||
ভৌগোলিক স্থানাংক: 13°45′N 100°28′E[1] | |||
ৰাষ্ট্ৰ | থাইলেণ্ড | ||
অঞ্চল | কেন্দ্ৰীয় থাইলেণ্ড | ||
Settled | c 15th century | ||
ৰাজধানী ৰূপে প্ৰতিস্থা | 21 April 1782 | ||
Re-incorporated | 13 December 1972 | ||
প্ৰতিষ্ঠাপক | King Rama I | ||
চৰকাৰ | Bangkok Metropolitan Administration | ||
চৰকাৰ | |||
- প্ৰকাৰ | Special administrative area | ||
- ৰাজ্যপাল | Sukhumbhand Paribatra (সাঁচ:Polparty) | ||
মাটিকালি[1] | |||
- City | ১,৫৬৮.৭৩৭ কি.মি.২ (৬০৫.৭ বৰ্গ মাইল) |
||
- মহানগৰ[2] | ৭,৭৬১.৬ কি.মি.২ (২,৯৯৬.৮ বৰ্গ মাইল) |
||
উচ্চতা[3] | ১.৫ মিটাৰ (৪.৯২ ফুট) | ||
জনসংখ্যা (২০১০ লোকপিয়ল)[4] | |||
- City | ৮২,৮০,৯২৫ জন | ||
- জনঘনত্ব | ৫,২৭৮.৭ প্ৰতি বৰ্গ কি.মি. (১৩,৬৭১.৮ প্ৰতি বৰ্গ মাইল) |
||
- মহানগৰ | ১,৪৫,৬৫,৫৪৭ জন | ||
- মহানগৰৰ জনঘনত্ব | ১,৮৭৬.৬ প্ৰতি বৰ্গ কি.মি. (৪,৮৬০.৪ প্ৰতি বৰ্গ মাইল) |
||
বিশেষণ | Bangkokian | ||
সময় অঞ্চল | ICT (গ্ৰী.মা.স.+৭) | ||
Postal code | ১০### | ||
অঞ্চল কোড | ১৩ | ||
আই এচ অ’ ৩১৬৬ কোড | TH-10 | ||
ৱেবছাইট | www |
বেংকক ১৫শ শতিকাৰ আয়ুত্থা ৰাজ্যৰ এটা সৰু ব্যৱসায় ঘাটী আছিল, ঘটনাক্ৰমে ইয়াৰ আকাৰ বৃদ্ধি হয় আৰু ইয়াতেই দুখনকৈ ৰাজধানী চহৰ: ১৭৬৮ চনত থনবুৰি আৰু ১৭৮২ চনত ৰট্টানাকছিনৰ স্থাপিত হয়। ১৯শ শতিকাত দেশে পশ্চিমীয়া হেঁচাৰ সন্মূখীন হোৱাৰ সময়ত, বেংকক আছিল ছিয়ামৰ আধুনিকীকৰণৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। ই বিংশ শতিকাৰ একনায়কত্ববাদৰ অৱসান ঘটাই সংবিধানিক শাসন প্ৰতিস্থাৰ ৰাজনৈতিক সংঘাতৰো প্ৰধান কেন্দ্ৰ আছিল। ১৯৬০ৰ পৰা ১৯৮০ দশকৰ ভিতৰত নগৰখনৰ দ্ৰুত বিকাশ আৰম্ভ হয় আৰু আজি ই থাইলেণ্ডৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সংস্কৃতি তথা আধুনিক সমাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।