বুৰ্জ খালিফা হ'ল সংযুক্ত আৰৱ আমিৰাতৰ ৰাজধানী ডুবাইত অৱস্থিত এটি বিশ্ববিখ্যাত গগনচুম্বী অট্টালিকা (skyscraper)। ই বৰ্তমান সময়ৰ বিশ্বৰ আটাইতকৈ ওখ মানৱসৃষ্ট স্থাপত্য হিচাপে স্বীকৃত। আৰম্ভণীতে ইয়াক 'বুৰ্জ ডুবাই' বুলি জনা গৈছিল যদিও পিছলৈ ই 'বুৰ্জ খালিফা' নামেৰেই প্ৰসিদ্ধি লাভ কৰে। ইয়াৰ উচ্চতা ৮২৯.৮ মিটাৰ(২৭২২ ফুট)। ইয়াৰ নিৰ্মানকাৰ্য ২১ চেপ্তেম্বৰ ২০০৪ ত আৰম্ভ হয় আৰু ১ অক্টোবৰ ২০০৯ ত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠে। ১৬৩ মহলাৰ এই বৃহৎ অট্টালিকাটো ৪ জানুৱাৰী ২০১০ ত ব্যৱহাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয়।

ক্ষিপ্ৰ তথ্য বুৰ্জ খালিফা, উচ্চতাৰ ৰেকৰ্ড ...
বুৰ্জ খালিফা
برج خليفة
উচ্চতাৰ ৰেকৰ্ড
পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ 2010 চনৰে পৰা[I]
সাধাৰণ তথ্য
প্ৰকাৰ মিশ্ৰিত ব্যৱহাৰ
অৱস্থিতি ডুবাই, সংযুক্ত আৰৱ আমিৰাত
স্থানাংক 25°11′49.7″N 55°16′26.8″E
নিৰ্মাণ আৰম্ভ জানুৱাৰী, ২০০৪
সম্পূৰ্ণ ২০১০
মুকলি ৪ জানুৱাৰী, ২০১০
মূল্য USD $ 1.5 billion
উচ্চতা
স্থাপত্য 828 মিটাৰ (2,717 ফুট)[1]
প্ৰান্তভাগ 829.8 মিটাৰ (2,722 ফুট)[1]
মূধচ 828 মিটাৰ (2,717 ফুট)[1]
সৰ্ব্বোচ্চ মজিয়া 584.5 মিটাৰ (1,918 ফুট)[1]
Observatory 452.1 মিটাৰ (1,483 ফুট)[1]
প্ৰযুক্তিৰ বিৱৰণ
মজিয়াৰ সংখ্যা 163 floors[1][2]
plus 46 maintenance levels in the spire[3] and 2 parking levels in the basement
মজিয়াৰ কালি 3,09,473 বৰ্গ মিটাৰ (33,31,100 sq ft)[1]
নক্সা আৰু নিৰ্মাণ
স্থাপত্যবিদ Adrian Smith at SOM
Developer Emaar Properties
Structural engineer Bill Baker at SOM[4]
মুখ্য ঠিকাদাৰ Samsung Engineering and Construction Company, Besix and Arabtec
Website
www.burjkhalifa.ae
বন্ধ কৰক

পৰিকল্পনা

৩০০০০ ঘৰ, নখন হোটেল, ৩ হেক্টৰ (৭.৪ এঅকৰ) গাড়ী ৰখোৱা ঠাই, কমেও ১৯টা সুুউচ্চ আৱাসিক ভৱন, ডুবাই মল আৰু ১২ হেক্টৰ (৩০ একৰ) জুৰি থকা মানৱ নিৰ্মিত বুৰ্জ খালিফা হ্ৰদটোৰ কেন্দ্ৰস্থল হিচাপে বুৰ্জ খালিফাক গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰা হৈছিল। বুৰ্জ খালিফা নিৰ্মাণৰ আঁৰত আছিল চৰকাৰৰ এক সিদ্ধান্ত, যাৰ জৰিয়তে দেশ খনৰ তৈল ভিত্তিক অৰ্থনিতীক সেৱা আৰু ভ্ৰমণৰ জৰিয়তে বিভিন্নতা প্ৰদান কৰিব পৰা যাব। চৰকাৰী সূত্ৰৰ মতে, অধিক আন্তৰাষ্ট্ৰীয় স্বীকৃতি আৰু লগতে বিনিয়োগৰ বাবে ডুবাই চহৰত বুৰ্জ খালিফাৰ নিৰ্মাণ অত্যন্ত প্ৰয়োজনীয় আছিল।


তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.