বিৰোধাভাস
From Wikipedia, the free encyclopedia
বিৰোধাভাস, কূট, কূটাভাস বা পেৰাডক্স (ইংৰাজী: Paradox) হৈছে দেখাত স্ববিৰোধী যেন লগা কিছুমান উক্তি বা মত, যিবোৰ চালি-জাৰি চালে শুদ্ধ যেনও লাগে বা এনে এক উক্তি যি নিজৰে বিৰোধ কৰে অথবা এনে এক উক্তি যি সাধাৰণ ধাৰণাৰ বিৰোধ কৰে।[1] ই হৈছে সূত্ৰৰ অন্তৰ্বিৰোধ, মিমাংসাহীন দ্বন্দ্বভাব[2] বা বিৰোধভাস,[3] যিটোক সাধাৰণতে অসম্ভৱ দেখা যায় কিন্তু আচলতে সঁচা।[4]