বিষুৱ ৰেখা
From Wikipedia, the free encyclopedia
বিষুৱ ৰেখা বা ভূমধ্য ৰেখা পৃথিৱী পৃষ্ঠত উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ পৰা সমান দূৰত্বত অৱস্থিত পৃথিৱীক দুটা গোলাৰ্ধত ভাগ কৰা কাল্পনিক ৰেখা। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰে। অন্য ভাষাত পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বাধিক দূৰত্বত অৱস্থিত ভূমধ্য ৰেখাৰ উখহা স্থানৰ বিন্দুসমূহ লগ লগাই পশ্চিমৰ পৰা পূবলৈ কল্পনা কৰা ৰেখাডালেই হ'ল বিষুৱ ৰেখা। পৃথিৱীৰ সোঁমাজত অৱস্থিত হোৱাৰ বাবে ইয়াক ভূমধ্য ৰেখা আৰু ইয়াত দিন ৰাতি সমান দৈৰ্ঘৰ হোৱাৰ বাবে বিষুৱ ৰেখা বোলে। অন্য গ্ৰহসমূহৰো বিষুৱ ৰেখাক এইদৰেই ব্যাখ্যা কৰা হয়। ইয়াৰ ২৩°৩০′০″ উত্তৰে কৰ্কট ক্ৰান্তি ৰেখা আৰু ২৩°৩০′০″ দক্ষিণে মকৰ ক্ৰান্তি ৰেখা অৱস্থিত। [1][2]