বিশ্ব ডাক দিৱস
From Wikipedia, the free encyclopedia
বিশ্ব ডাক দিৱস (World Post day) প্ৰতি বছৰে ৯ অক্টোবৰ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ১৮৭৪ চনৰ এই দিনতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ (Universal Postal Union) জন্ম হৈছিল। পিছলৈ এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়। বিশ্ব ডাক সন্থায়ে তথ্যৰ আদান-প্ৰদান আৰু দূৰসংযোগৰ মাধ্যমেৰে ডাক বিভাগৰ এক গোলকীয় বিপ্লৱৰ সূচনা কৰে। ডাক সেৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ এই সন্থাৰ মূল উদ্দেশ্য।