বিশ্বকোষ
From Wikipedia, the free encyclopedia
বিশ্বকোষ এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়।[1] কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।[1] অভিধানৰ বিপৰীতে বিশ্বকোষত ভাষিক গুণাগুণ যেনে শব্দোদ্ভৱ, ব্যাকৰণগত ব্যৱহাৰ আদি নাথাকে, বৰং সাধাৰণ তথ্য সমৃদ্ধ জ্ঞান প্ৰদান কৰা হয়। [2][3][4][5]