বিলম্বিত উপলব্ধি পক্ষপাতিতা
From Wikipedia, the free encyclopedia
বিলম্বিত উপলব্ধি পক্ষপাতিতা (ইংৰাজী: Hindsight bias)-ৰ আন দুটা নাম হৈছে মই এনে হ'ব বুলি জানিছিলোঁৱেই প্ৰপঞ্চ (knew-it-all-along phenomenon)[1] আৰু বগাই যোৱা নিৰ্ধাৰণবাদ (creeping determinism)।[2] এইয়া একধৰণৰ সহজাত প্ৰৱণতা যাৰ প্ৰভাৱত মানুহে অতীতৰ ঘটনা এটাক বাস্তৱতকৈ অধিক অনুমানযোগ্য হিচাপে ঠাৱৰ কৰে।[3][4] এটা বিশেষ ঘটনা ঘটিত হোৱাৰ পাছত মানুহে সেই বিশেষ ঘটনাটো ঘটিবই বুলি বা তেনেধৰণৰ পৰিণতি এটা হ'বয়েই বুলি নিশ্চিতমনেৰে বিশ্বাস প্ৰদৰ্শন কৰে। বিলম্বিত উপলব্ধিৰ এই পক্ষপাতিত্বই মানুহৰ স্মৰণ শক্তিত বিচ্যুতিৰ সৃষ্টি কৰে। ঘটনা এটা ঘটাৰ আগতে তেওঁলোকে কি জানে আৰু কি বিশ্বাস কৰে-তাৰ লগত এই বিচ্যুতিটো জড়িত হৈ আছে। ইয়াৰ ফলত ভৱিষ্যতৰ ঘটনা কিছুমানৰ পৰিণতি অনুমান কৰাৰ প্ৰসংগত মানুহজনৰ মনত অত্যধিক বিশ্বাসৰ (overconfidence) এটা উৎস তৈয়াৰ হয়।[5] বিলম্বিত উপলব্ধি পক্ষপাতিতাৰ নিদৰ্শন দেখা যায়-ইতিহাসবিদে বৰ্ণনা কৰা কিছুমান যুদ্ধৰ পৰিণতিত অথবা চিকিৎসাবিদে স্মৰণ কৰা কিছুমান ক্লিনিকেল ট্ৰায়েলৰ ক্ষেত্ৰত।[6][7][2]