From Wikipedia, the free encyclopedia
বিভুতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী (Ecologist)।[1] তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পিগমি হগৰ বিস্তৃতি অধ্যয়ন।
ড॰ বিভুতি লহকৰে অসমৰ মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন দিশৰ ওপৰত গৱেষণা চলাই আহিছে। [2]
মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটা দশক ধৰি তেওঁ কৰি অহা প্ৰচেষ্টাৰ বাবে ২০১১ চনত উদ্যানখন বিপদাক্ৰান্ত ৱৰ্ল্ড হেৰিটেজ চাইট (World Heritage in Danger) ৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। মানাহৰ কাষৰীয়া গাওঁসমূহত তেওঁ ভালেসংখ্যক সভা আৰু আলোচনাচক্ৰৰ আয়োজন কৰি স্থানীয় লোকক উদ্যানখনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰি আহিছে। তদুপৰি স্থানীয় যুৱকসকলক দৰকাৰী প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল কৰাতো তেওঁ অৱদান যোগাইছ। তেওঁ এশৰো অধিক যুৱক-যুৱতীক জৈববৈচিত্ৰৰ জৰীপ আৰু ট্যুৰ গাইড হোৱাৰ প্ৰশিক্ষণ দিছে বুলি জনা যায়। [3]
বিভুতি লহকৰে মানাহত সামাজিক সংৰক্ষণৰ আৰু গিবন বন্যপ্ৰাণী অভয়াৰণ্যত হুলক গিবনৰ গৱেষণাৰ বাবে ৰাফৰ্ডছ ফাউণ্ডেশ্যনৰ পৰা পুঁজি লাভ কৰিছে।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.