বিপাশা বসু
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
বিপাশা বসু সিং গ্ৰোভাৰ (ইংৰাজী: Bipasha Basu Singh Grover; জন্ম: ৭ জানুৱাৰী ১৯৭৯)[3] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত বিপাশাই তামিল, তেলেগু, বঙালী আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে। বসুৱে এটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা আৰু স্বীকৃতি লাভ কৰিছে। তেওঁক বিশেষকৈ থ্ৰিলাৰ আৰু হৰৰ ছবিত অভিনয়ৰ বাবে জনা যায়। কেইবাটাও আইটেম নম্বৰৰ বাবে তেওঁক প্ৰায়ে প্ৰচাৰ মাধ্যমত যৌনতাৰ প্ৰতীক আৰু উত্তেজনাৰ ৰাণী হিচাপে উল্লেখ কৰা হয়।
বিপাশা বসু | |
---|---|
![]() বসু, ২০২০ | |
জন্ম | ৭ জানুৱাৰী, ১৯৭৯ (৪৫ বছৰ)[1] নতুন দিল্লী, ভাৰত |
পেচা | অভিনেত্ৰী, মডেল |
সক্ৰিয় হৈ থকা সময় | ১৯৯৬-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | কৰন সিং গ্ৰোভাৰ (বি. ২০১৬)[2] |
সন্তান | ১ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সম্পূৰ্ণ তালিকা |
দিল্লীত জন্মগ্ৰহণ কৰি কলকাতাত ডাঙৰ-দীঘল হোৱা বসুৱে ফেশ্বন মডেল হিচাপে সফল কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰিবলৈ আৰম্ভ কৰে। থ্ৰিলাৰ ছবি আজনবীৰ (২০০১) জৰিয়তে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। বসুৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল থ্ৰিলাৰ ছবি ৰাজত (২০০২), যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন পাইছিল। যৌনগন্ধী থ্ৰিলাৰ জিছম (২০০৩), ভাল উপাৰ্জন কৰা ছবি ন' এণ্ট্ৰি (২০০৫) আৰু ধূম ২-ত (২০০৬) বিপাশাই মুখ্য চৰিত্ৰত অভিনয় কৰে।
বিপাশাৰ আন ব্যৱসায়িকভাৱে সফল ছবিসমূহৰ ভিতৰত আছে ড্ৰামা ছবি কৰ্প’ৰেট (২০০৬); কমেডী ছবি ফিৰ হেৰাফেৰী (২০০৬) আৰু অল দ্য বেষ্ট: ফান বিগিনছ্ (২০০৯); একচন থ্ৰিলাৰ ৰেচ (২০০৮); ৰোমান্টিক কমেডী বচনা এ হাছিনো (২০০৮) আদি। ২০১০ৰ দশকত তেওঁ মূলতঃ থ্ৰিলাৰ ছবি- ৰাজ থ্ৰীডি (২০১২),আত্মা (২০১৩), ক্ৰিয়েচাৰ থ্ৰীডি (২০১৪) আৰু এল’নত (২০১৫) অভিনয় কৰিছিল। ইয়াৰ পিছত বিৰতি; বিৰতিৰ সময়চোৱাৰ তেওঁৰ একমাত্ৰ অভিনয় আছিল ৱেব ছিৰিজ ডেঞ্জাৰাছ (২০২০)।
ছবিত অভিনয় কৰাৰ উপৰিও ফিটনেছ অনুৰাগী বসুৱে কেইবাটাও ফিটনেছ ভিডিঅ’ত অভিনয় কৰিছে। ২০১৫ চনত হৰৰ ধাৰাবাহিক ডৰ সবকো লগাতা হ্যায়ৰ তেওঁ হোষ্ট আছিল। জন আব্ৰাহামৰ সৈতে হাই-প্ৰফাইল সম্পৰ্কৰ পিছত ২০১৬ চনত বসুৱে অভিনেতা কৰণ সিং গ্ৰোভাৰক বিয়া কৰায়।[3] দম্পত্তিহালৰ এটা সন্তান আছে।