বিজয় দিৱস (বাংলাদেশ)
বাংলাদেশৰ এটা ৰাষ্ট্ৰীয় দিৱস / From Wikipedia, the free encyclopedia
বিজয় দিৱস (বাংলা: বিজয় দিবস, ইংৰাজী: Vijay Divas, The Victory Day) হ'ল বাংলাদেশৰ এটা ৰাষ্ট্ৰীয় দিৱস। প্ৰতিবছৰৰ ১৬ ডিচেম্বৰ তাৰিখে বাংলাদেশত এই দিৱস বিশেষভাৱে পালন কৰা হয়। ১৯৭২ চনৰ ২২ জানুৱাৰীত এই দিৱসটোক বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰা হয়।[1] ৯ মাহ যুদ্ধৰ পাছত ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকবাহিনীয়ে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে আৰু তেতিয়াই বাংলাদেশ নামৰ এখন স্বাধীন তথা সাৰ্বভৌম ৰাষ্ট্ৰ গঠন হয়।[2] ১৬ ডিচেম্বৰৰ পুৱা ৩১ বাৰ তোপধ্বনিৰে এই বিশেষ দিৱসৰ সূচনা কৰা হয়। নেচনেল পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত সামৰিক কুচকাৱাজত বাংলাদেশ সেনাবাহিনী, নৌবাহিনী আৰু বিমানবাহিনীৰ সদস্যসমূহে যোগদান কৰে। পেৰেড গ্ৰাউণ্ডত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে জাতিক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। বাংলাদেশৰ স্বাধীনতা আন্দোলনত ছহিদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ অৰ্থে ঢাকাত অৱস্থিত জাতীয় স্মৃতিসৌধত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, বিৰোধীদলৰ নেতা কৰ্মী আদি সকলোৱে ফুল অৰ্পণ কৰে।
বিজয় দিৱস Victory Day | |
---|---|
২০১২ চনত বিজয় দিৱস পেৰেড। নেচনেল পেৰেড গ্ৰাউণ্ড, ঢাকা, বাংলাদেশ | |
সম্পূৰ্ণ নাম | বঙালী: বিজয় দিবস (বিজয় দিৱস) |
পালন কৰে | বাংলাদেশ |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
তাৰিখ | ১৬ ডিচেম্বৰ |
উদযাপন | পতাকা উত্তোলন, ৰাষ্ট্ৰীয় গীত আৰু দেশভক্তিমূলক গীত পৰিৱেশন, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ, সাংস্কৃতিক অনুষ্ঠান। |
সম্পৰ্কিত |
|
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |