![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/Travels-map.jpg/201px-Travels-map.jpg&w=640&q=50)
বাহ্যিক সাহিত্য
বহিঃজগতৰ বিষয়ে বা বাহ্যিক পৃথিৱীৰ লগত জড়িত এক সাহিত্য ধাৰা / From Wikipedia, the free encyclopedia
বাহ্যিক সাহিত্য (ইংৰাজী: Outdoor Literature) হৈছে বহিঃজগতৰ বিষয়ে বা বাহ্যিক পৃথিৱীৰ লগত জড়িত এক সাহিত্য ধাৰা। বাহ্যিক সাহিত্যই অন্বেষণ সাহিত্য, দুঃসাহসিক সাহিত্য, পাহাৰীয়া সাহিত্য আৰু প্ৰকৃতি লেখাকে ধৰি কেইবাটাও ভিন্ন উপধাৰা সামৰি লৈছে। আন এটা উপধাৰা হৈছে গাইড বুক, যাৰ প্ৰাৰম্ভিক উদাহৰণ আছিল ১৭৭৮ চনত প্ৰকাশিত থমাছ ৱেষ্টৰ লেক ডিষ্ট্ৰিক্টৰ গাইড।[1] এই ধাৰাসমূহৰ ভিতৰত অন্বেষণ, জীয়াই থকা, পালতোলা, হাইকিং, পৰ্বতাৰোহণ, বগা পানীত নাওঁ চলোৱা, জিঅ’কেচিং বা কয়াকিং (Geocaching or Kayaking), বা প্ৰকৃতি আৰু পৰিৱেশৰ বিষয়ে লিখা আদি কাৰ্য্যকলাপ অন্তৰ্ভুক্ত। ভ্ৰমণ সাহিত্য বাহ্যিক সাহিত্যৰ সৈতে একে যদিও ভ্ৰমণ সাহিত্যত সদায় বাহিৰৰ কথাবোৰ কোৱা নহয়। অৱশ্যে দুয়োটা ধাৰাৰ মাজত বিশেষকৈ দীঘলীয়া যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট সামঞ্জস্য দেখা যায়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/Travels-map.jpg/640px-Travels-map.jpg)