বাহন চালনৰ বয়সৰ নিম্ন সীমাৰ আধাৰত দেশৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
এই তালিকাত মটৰযুক্ত বাহন চালন কৰাৰ নিম্নতম আইনসন্মত বয়স লেখত লোৱা হৈছে-- ভৰ ৩৫০০ কিলোগ্ৰমতকৈ অধিক হ'ব নালাগিব আৰু ড্ৰাইভাৰৰ বাদে আন ৮জনতকৈ অধিক লোকে যাত্ৰা কৰিব পৰা বাহন লেখত লোৱা হোৱা নাই। সৰ্বনিম্ন বয়স (১৭তকৈ কম)ত বাহন চালন কৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা দেশসমূহ হ'ল অষ্ট্ৰেলিয়া, কানাডা, এল চেল্ভাডৰ, আইচলেণ্ড, নৰ্ৱে', ফিলিপাইন্স, ৰুচিয়া, চৌদী আৰব, স্লভেনিয়া, স্বেডেন, যুক্তৰাজ্য (মূলভূমি) আৰু যুক্তৰাষ্ট্ৰ। কানাডাৰ এল্বাৰ্টা অঞ্চল আৰু কেইবাখনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যত ১৪ বছৰতেই অনুজ্ঞাপত্ৰ প্ৰদা কৰাৰ যোগ্য বুলি গণ্য কৰা হয়। নাইজাৰত ২৩ বছৰতহে অনুমতি প্ৰদান কৰা হয়। ই সৰ্বোচ্চ।