![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9b/Assam_locator_map.svg/langas-640px-Assam_locator_map.svg.png&w=640&q=50)
বালিপৰা
From Wikipedia, the free encyclopedia
বালিপৰা অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি অঞ্চল। ভৌগোলিক দৃষ্টিকোণেৰে চাবলৈ গ’লে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ঠিক সোঁমাজতে বালিপৰা অঞ্চলটোৰ অৱস্থিতি। জিলাৰ সদৰ চহৰ তেজপুৰৰ পৰা বালিপৰাৰ দূৰত্ব ২৩ কিলোমিটাৰ। পূবে বিশ্বনাথ চাৰিআলি, গহপুৰ, লখিমপুৰ পশ্চিমে ৰঙাপৰা, দক্ষিণে তেজপুৰ আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং হৈ বমডিলা, টাৱাং আদি ঠাইলৈ বালিপৰা চাৰিআলিৰ মাজেৰেই যাব লগা হয়। বালিপৰা বিভিন্ন ভাষা-ভাষী, জাতি-সম্প্ৰদায়ৰ লোকৰ বসতিস্থল আৰু সমন্বয় সম্প্ৰীতিৰ অঞ্চল। প্ৰাচীন ঐতিহাসিক, সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত এই অঞ্চলৰ গুৰুত্ব ও অৰিহণা নগন্য নহয়। উল্লেখযোগ্য যে বালিপৰাক ‘চাৰিধামৰ পবিত্ৰ ভূমি’ বুলি জনা যায়। এই চাৰিধাম হ’ল মানশিৰি নৈৰ পূব পাৰত অৱস্থিত ‘কলীয়া গোঁসাই সত্ৰ’, ভকতগাঁৱৰ দক্ষিণ পাট সত্ৰ, এৰাগাঁৱৰ ‘কমলাবাৰী সত্ৰ’ আৰু বালিগাঁৱৰ ‘কেতেকীবাৰী সত্ৰ’।
বালিপৰা | |||||||
— অঞ্চল — | |||||||
স্থানাঙ্ক | 26°49′32″N 92°46′31″E | ||||||
দেশ | ![]() | ||||||
ৰাজ্য | অসম | ||||||
জিলা | শোণিতপুৰ জিলা | ||||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||
ক'ড
|