![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Libya_4608_Idehan_Ubari_Dunes_Luca_Galuzzi_2007.jpg/640px-Libya_4608_Idehan_Ubari_Dunes_Luca_Galuzzi_2007.jpg&w=640&q=50)
বালি
সুক্ষ্মভাৱে বিভক্ত শিল আৰু খনিজ কণিকাৰে গঠিত দানাদাৰ পদাৰ্থ / From Wikipedia, the free encyclopedia
বালি (ইংৰাজী: Sand) মিহি মিহি খনিজ কণিকাৰে গঠিত এক দানাযুক্ত পদাৰ্থ। বালিৰ গঠন বিভিন্ন যদিও ইয়াৰ দানা আকাৰৰ দ্বাৰাহে চিনাক্ত কৰা হয়। বালিৰ দানাবোৰ শিলগুটিতকৈ সৰু আৰু পলিতকৈ মোটা। বালিয়ে মাটি বা মাটিৰ প্ৰকাৰৰ এটা গাঁথনিক শ্ৰেণীকো বুজাব পাৰে; যি ভৰৰ হিচাপত ৮৫ শতাংশতকৈ অধিক বালিৰ আকাৰ কণা থকা মাটি।[2]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Libya_4608_Idehan_Ubari_Dunes_Luca_Galuzzi_2007.jpg/640px-Libya_4608_Idehan_Ubari_Dunes_Luca_Galuzzi_2007.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/00065_sand_collage.jpg/640px-00065_sand_collage.jpg)
কাঁচ, টিলা, কোৱাৰ্টছ,
আগ্নেয়গিৰি, জৈৱজনিত প্ৰবাল, গোলাপী প্ৰবাল,
আগ্নেয়গিৰি, গাৰ্নেট, অলিভাইন।
গোবি মৰুভূমি, ইষ্টোনিয়া, হাৱাই আৰু আমেৰিকাৰ মূল ভূখণ্ডৰ নমুনা। (১×১ চে.মি. প্ৰতিটো)[1]
স্থানীয় শিলৰ উৎস আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বালিৰ গঠন ভিন্ন হয়, কিন্তু অভ্যন্তৰীণ মহাদেশীয় পৰিৱেশ আৰু অ-গ্ৰীষ্মমণ্ডলীয় উপকূলীয় পৰিৱেশত বালিৰ আটাইতকৈ সাধাৰণ উপাদানটো হ’ল চিলিকা (চিলিকন ডাই অক্সাইড, বা SiO2), ই সাধাৰণতে কোৱাৰ্টছৰ আকাৰত থাকে।
দ্বিতীয় প্ৰকাৰৰ বালি হ’ল কেলচিয়াম কাৰ্বনেট, যেনে; এৰাগ’নাইট, যাৰ বেছিভাগেই যোৱা ৫০ কোটি বছৰত প্ৰবাল আৰু শ্বেলফিছৰ দৰে বিভিন্ন ধৰণৰ জীৱৰ দ্বাৰা সৃষ্টি হৈছে৷ উদাহৰণস্বৰূপে, কেৰিবিয়ানৰ দৰে লাখ লাখ বছৰ ধৰি পৰিৱেশ তন্ত্ৰত ৰিফে আধিপত্য বিস্তাৰ কৰি অহা অঞ্চলত ই বালিৰ প্ৰাথমিক ৰূপ হিচাপে দেখা যায়। কিছু কম পৰিমাণৰ বালিহে কেলচিয়াম ছালফেট, যেনে জিপচম আৰু চেলেনাইটৰ দ্বাৰা গঠিত হ’ব পাৰে, যিটো আমেৰিকাৰ হোৱাইট ছেণ্ডছ ৰাষ্ট্ৰীয় উদ্যান আৰু ছল্ট প্লেইনছ নেচনেল ৱাইল্ড লাইফ ৰিফিউজৰ দৰে ঠাইত পোৱা যায়।
বালি মানুহৰ সময়ৰ হিচাপত অ-নবীকৰণযোগ্য সম্পদ আৰু কংক্ৰিট নিৰ্মাণৰ বাবে উপযোগী বালিৰ চাহিদা অধিক।[3] মৰুভূমিৰ বালি যদিও প্ৰচুৰ পৰিমাণে থাকে, তথাপিও কংক্ৰিটৰ বাবে উপযোগী নহয়। প্ৰতি বছৰে পঞ্চাশ বিলিয়ন টন বিলৰ বালি আৰু জীৱাশ্ম বালি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়।[4]