বাঁও-সোঁ ৰাজনৈতিক বৰ্ণালী
From Wikipedia, the free encyclopedia
বাওঁ–সোঁ ৰাজনৈতিক বৰ্ণালী (ইংৰাজী: Left–right political spectrum) মানে এক ৰাজনৈতিক অৱস্থান, মতাদৰ্শ আৰু দলসমূহৰ শ্ৰেণীবিভাজনৰ ব্যৱস্থা, য’ত সামাজিক সমতা আৰু সামাজিক স্তৰবৃত্তৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। বাওঁ আৰু সোঁফালে থকা অৱস্থানৰ উপৰিও কেন্দ্ৰীয় আৰু মধ্যমীয়া অৱস্থান আছে, যিবোৰ বৰ্ণালীৰ কোনো এটা মূৰৰ সৈতে শক্তিশালীভাৱে সংঘবদ্ধ নহয়। ফৰাচী বিপ্লৱৰ সময়ত ফৰাচী ৰাষ্ট্ৰীয় বিধানসভাত আসনৰ ওপৰত ভিত্তি কৰি ইয়াৰ উৎপত্তি হৈছিল।
এই ধৰণৰ ৰাজনৈতিক বৰ্ণালীত বাওঁপন্থী ৰাজনীতি আৰু সোঁপন্থী ৰাজনীতিক প্ৰায়ে এটাৰ বিপৰীতে আনটো উপস্থাপন কৰা হয়, যদিও কোনো বিশেষ ব্যক্তি বা গোটে এটা বিষয়ত বাওঁপন্থী আৰু আন এটা বিষয়ত সোঁপন্থী স্থিতি ল'ব পাৰে; আৰু কিছুমান স্থিতি ওপৰাউপৰি হ'ব পাৰে আৰু মতাদৰ্শৰ ওপৰত নিৰ্ভৰ কৰি বাওঁপন্থী বা সোঁপন্থী বুলি গণ্য কৰা হ'ব পাৰে।[1] এই শব্দবোৰৰ উৎপত্তিস্থল ফ্ৰান্সত বাওঁপন্থীক “আন্দোলনৰ দল’’ বা উদাৰবাদী আৰু সোঁপন্থীক “শৃংখলাৰ দল’’ বা ৰক্ষণশীল বুলি কোৱা হৈছে।[2][3][4][5]