![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fd/Ballpoint-pen-parts.jpg/640px-Ballpoint-pen-parts.jpg&w=640&q=50)
বলপে'ন
From Wikipedia, the free encyclopedia
বলপইণ্ট কলম বা বলপে'ন (ইংৰাজী: Ballpoint Pen) এবিধ কলম৷ কলমটোৰ মুখত চিয়াঁহী ওলাবলৈ এটা সৰু বল থাকে বাবে কলমবিধৰ নাম হৈছিল বলপে'ন৷ আজিকালি সমগ্ৰ বিশ্বতে বলপে'ন বহুলভাৱে ব্যৱহৃত৷ বলপে'নবোৰত চিয়াঁহীৰ পৰিৱৰ্ত্তে চিয়াঁহীৰ 'ৰিফিল'ৰ ব্যৱস্থা থাকে আৰু কাগজত লিখোঁতে বিয়পি যোৱাৰ সমস্যা নাথাকে৷ লিখাৰ লগে লগে শুকায় আৰু পানী পৰিলে নিবিয়পে৷ আটাইতকৈ সুবিধাজনক কথা হ'ল- এৰোপ্লেনৰ পাইলটসকলে আগতে ফাউণ্টেন পে'ন ব্যৱহাৰ কৰোঁতে বিমানত ওপৰলৈ উৰি যাওঁতে বায়ুৰ চাপ কমাৰ বাবে চিয়াঁহী পে'নৰ মুখেৰে ওলাই কাপোৰ-কানি নষ্ট কৰিছিল৷ বলপে'নৰ চিয়াঁহী ডাঠ হোৱাৰ বাবে চিয়াঁহী ওলাই যোৱাৰ সম্ভাৱনা নাথাকে৷ তদুপৰি বলপে'নবোৰ ইমানেই সস্তা,চিয়াঁহী শেষ হ'লে পেলাই দিব পাৰি৷ অৱশ্যে দামী বলপে'নত চিয়াঁহী শেষ হ'লে পুনৰ নতুন 'ৰিফিল' ব্যৱহাৰ কৰিব পাৰি৷ লিখাৰ উপৰিও চিত্ৰশিল্পীসকলে বলপে'নেৰে ছবিও আকেঁ৷ [1]