বল
From Wikipedia, the free encyclopedia
কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়। অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক’ব পাৰি। বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থাৎ বলৰ মান আৰু দিশ দুয়োটা থাকে।
নিউটনৰ গতিৰ সূত্ৰমতে বল হৈছে ভৰবেগ(কোনো বস্তুৰ ভৰ আৰু বেগৰ গুণফল)ৰ পৰিবৰ্তনৰ হাৰ।[1] গাণিতিকভাৱে আমি এই সূত্ৰটো তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰো:
বলৰ সৈতে সম্পৰ্ক থকা অন্য এটা ৰাশি হৈছে টৰ্ক। কোনো বস্তুৰ ঘূৰ্ণন বেগ সলনি কৰিব পৰা পৰা কাৰকক টৰ্ক বোলা হয়। কোনো বস্তুৰ সকলো অংশত সুষমভাৱে ক্ৰিয়া নকৰা বলে যান্ত্ৰিক প্ৰতিচাপ সৃষ্টি কৰে, যিয়ে বস্তুটোৰ বিকৃতিৰ সৃষ্টি কৰে।[2] কঠিন বস্তু এটাৰ ওপৰত যান্ত্ৰিক প্ৰতিচাপ প্ৰয়োগ কৰাৰ ফলত বস্তুটোৰ ক্ৰমান্বয়ে বিকৃতি ঘটাৰ বিপৰীতে জুলীয়া বা গেছীয় পদাৰ্থৰ চাপ বা আয়তনৰ পৰিবৰ্তন হয়।[3][4]