From Wikipedia, the free encyclopedia
ৰবাৰ্ট নেষ্টা মাৰ্লি এগৰাকী জামাইকান গায়ক আৰু গীতিকাৰ যি এক আন্তৰ্জাতিক সংগীত শিল্পী হিচাপে খ্যাত।[1][2][3][4][5] তেওঁৰ গীতত ৰেগে, স্কা আৰু ৰকষ্টিডিৰ মিশ্ৰণ দেখা যায়।.[6] তেওঁ ১৯৬৩ত পৰিবেশন আৰম্ভ কৰিলে দ্য ৱেইলাৰ্ছৰ সৈতে, আৰু নিজৰ অনন্য গীত-লিখন তথা কণ্ঠকলাৰে সমগ্ৰ বিশ্বতে খ্যাতনামা হৈ পৰিল। দ্য ৱেইলাৰ্ছে আতাইতকৈ পুৰণি ৰেগে কিছুমান প্ৰিবেশন কৰিছিল প্ৰযোজক লি "স্ক্ৰেচ"ৰ সহযোগত।
বব মাৰ্লি | |
---|---|
Marley performing in 1980 | |
জন্ম | Robert Nesta Marley ৬ ফেব্ৰুৱাৰী, ১৯৪৫ Nine Mile, Saint Ann Parish, British Jamaica |
মৃত্যু | ১১ মে', ১৯৮১ (৩৬ বছৰ) Miami, Florida |
মৃত্যুৰ কাৰণ | Melanoma (skin cancer) |
অন্য নাম |
|
পেচা |
|
গৃহস্থান | Trenchtown, Kingston, Jamaica |
দাম্পত্যসঙ্গী | Alpharita Anderson Marley (বি. ১৯৬৬) |
পিতৃ-মাতৃ | Norval Sinclair Marley Cedella Booker |
সন্তান | Sharon Marley Prendergast (adopted) Cedella Marley David Nesta Ziggy Marley Stephen Robert Nesta Marley Rohan Marley Julian Marley Ky-Mani Marley Damian Marley |
আত্মীয়-স্বজন | Skip Marley (grandson) Nico Marley (grandson) |
সাংগীতিক কেৰিয়াৰ | |
সংগীতৰ প্ৰকাৰ |
|
বাদ্যযন্ত্ৰ |
|
কাৰ্যকাল | 1962–1981 |
ৰেকৰ্ড লেবেল |
Island |
সহযোগী | Bob Marley and the Wailers |
ৱেবছাইট | bobmarley |
১৯৭৪ত দ্য ৱেইলাৰ্ছ ভংগ হ'ল।[7] মাৰ্লিয়ে অকলে কাম আগবঢ়াই নিলে, আৰু ১৯৭৭ত 'এগজ'ডাচে' মুক্তি লাভ কৰিলে। এই এল্বামে মাৰ্লিলৈ বিশ্বজোৰা খ্যাতি আনিলে আৰু তেওঁ সৰ্বকালৰ জনপ্ৰিয়তম কণ্ঠ শিল্পীৰ অন্যতম হৈ ৰ'ল, ৭ কোটি ৫০ লাখ ৰেকৰ্ডৰ বিক্ৰীৰে।[8][9] যুক্তৰাজ্যত জনপ্ৰিয় "এগজ'ডাচ", "ৱেইটিং ইন ভেইন", "জেমিং" আৰু "ৱান লাভ" থকা এই এল্বাম ৫৬ সপতাহ ইউকে এল্বাম চাৰ্টত নিৰন্তৰ থাকিল। ১৯৭৮ত মুক্তি লাভ কৰা "কায়া"ত "ইজ দিচ লাভ" আৰু "চেটিস্ফাই মাই চ'ল" গান আছিল। তেওঁৰ আতাইতকৈ জনপ্ৰিয় এল্বাম "লেজেণ্ড" ১৯৮৪ত মুক্ত হ'ল, তেওঁৰ মৃত্যুৰ ৩ বছৰ পাছত। ই সৰ্বকালৰ আতাইতকৈ জনপ্ৰিয় ৰেগে এল্বাম।
১১ মে' ১৯৮১ত মাৰ্লিৰ দেহাৱসান ঘটিল মেলান'মাৰ বাবে। তেওঁ ৰাষ্টাফাৰি ধৰ্মত গভীৰ বিশ্বাস ৰাখিছিল আৰু নিজৰ সংগ্গীতত এক আদ্যাত্মিক ভাৱ প্ৰকট কৰিছিল।[10]:242[11] তেওঁ ৰেগে সংগীত সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰি তুলিলে। তেওঁ বৰ্তমানে এক গণচিহ্নত পৰিণত হৈছে। তদুপৰি চোলা, বা-বস্তু আদিতো তেওঁৰ প্ৰতিচ্ছবি জনপ্ৰিয় হৈ ৰৈছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.