![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/10/4_Radha_%2528Bani_Thani%2529%252C_Kishangarh%252C_ca._1750%252C_National_Museum_New_Delhi.jpg/640px-4_Radha_%2528Bani_Thani%2529%252C_Kishangarh%252C_ca._1750%252C_National_Museum_New_Delhi.jpg&w=640&q=50)
বনী ঠনী
From Wikipedia, the free encyclopedia
বনী ঠনী (ইংৰাজী: Bani Thani) ৰাজস্থানৰ কিষাণগড়ৰ এগৰাকী কবি আৰু গায়িকা আছিল। তেওঁ কিষাণগড়ৰ ৰজা সামন্ত সিঙৰ (১৭৪৮–১৭৬৪) পত্নী আছিল। সিংহাসন ত্যাগ কৰাৰ পিছত দম্পতীহালে তেওঁলোকৰ আৰাধ্য কৃষ্ণৰ জীৱনৰ সৈতে সম্পৰ্কিত স্থান বৃন্দাবনত এক আৰামদায়ক জীৱনলৈ অৱসৰ গ্ৰহণ কৰে। কিষাণগড়ৰ মাৰৱাৰ চিত্ৰকলা শৈলীৰ নিহাল চান্দ কৃত প্ৰায় ১৭৫০ চনৰ ভাৰতীয় লঘু চিত্ৰৰ এটা গোটে কৃষ্ণ আৰু ৰাধাক দেখুৱায়। এই ৰাধা-কৃষ্ণৰ আৰ্হি সামন্ত সিং আৰু বনী ঠনী বুলি ধাৰণা কৰা হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/10/4_Radha_%28Bani_Thani%29%2C_Kishangarh%2C_ca._1750%2C_National_Museum_New_Delhi.jpg/640px-4_Radha_%28Bani_Thani%29%2C_Kishangarh%2C_ca._1750%2C_National_Museum_New_Delhi.jpg)
বনী ঠনীক ইয়াক ভাৰতৰ মনালিছা বুলিও কোৱা হয়। ৰাজস্থানী শব্দ বনী ঠনীৰ অৰ্থ হৈছে সাজি কাচি সুন্দৰ হৈ থকা। বনী ঠনীয়ে ৰসিক বিহাৰী নামৰে কবিতা ৰচনা কৰিছিল।[1] তেওঁ লাভলীজ, উৎসৱ, প্ৰিয়া আৰু নগৰ ৰমণী নামৰেও জনাজাত।[2]
বনী ঠনীক সুৰুচিসম্পন্ন আৰু সুন্দৰ বিশেষত্বৰ সৈতে চিত্ৰণ কৰা হয়। ধনুআকৃতিৰ চেলাউৰি, পদুমৰ পাহিৰ দৰে নয়ন আৰু তীক্ষ্ণ থুঁতুৰী ইয়াৰ অন্যতম বৈশিষ্ট্য।[3] বনী ঠনীৰ এখন চিত্ৰ ১৯৭৩ চনৰ ৫ মে'ত জাৰী কৰা ভাৰতীয় ডাক টিকটত প্ৰদৰ্শিত কৰা হৈছিল।[4]