![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/Japanese_White_Pine%252C_unknown-2007.jpg/640px-Japanese_White_Pine%252C_unknown-2007.jpg&w=640&q=50)
বনছাই
From Wikipedia, the free encyclopedia
বনছাই (Bonsai (盆栽?, "বাওনা গছ (tray planting)" pronunciation (সহায়·তথ্য)))[1] গছ টাবত লগাই নান্দনিকভাৱে বৃদ্ধি হ’বলৈ দিয়া এক জাপানী কলা।[2] এই কলাত গছজোপা অতি সৰু পাত্ৰত বৃদ্ধি হ’বলৈ দিয়া হয় আৰু সময়ে সময়ে ডাল আৰু শিপা কাটি থকা হয়। বনছাসমূহ অতি সুন্দৰভাৱে বিভিন্ন আকাৰ আৰু আকৃতিত বৃদ্ধি হ’বলৈ দিয়া হয়। সৰ্বকৃষ্ট বনছাই আকৃতিৰ পৰা প্ৰাকৃতিক গছৰ দৰেই দেখে, কিন্তু উচ্চতা অতি কম। বহুতে ইয়াক বাওঁনা গছ শিল্প বুলিও কয়।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6e/Japanese_White_Pine%2C_unknown-2007.jpg/640px-Japanese_White_Pine%2C_unknown-2007.jpg)
Bonsai | |||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
চীনা নাম | |||||||||||||||
চীনা | 盆栽 | ||||||||||||||
আক্ষৰিক অৰ্থ | "tray planting" | ||||||||||||||
| |||||||||||||||
Korean name | |||||||||||||||
Hangul | 분재 | ||||||||||||||
Hanja | 盆栽 | ||||||||||||||
| |||||||||||||||
Japanese name | |||||||||||||||
Kanji | 盆栽 | ||||||||||||||
|
বনছাই এটি জাপানী শব্দ। ইয়াৰ অৰ্থ হ’ল সৰু পাত্ৰত থকা গছ। ই জাপানৰ অন্যতম পুৰণি শিল্প। বনছাইৰ উৎপত্তি ইয়াতকৈ পুৰণি চীনা শিল্প পেনজিংৰ পৰা হৈছে। পেনজিং টাব বা পাত্ৰত গছ বৃদ্ধি হ’বলৈ দিয়া এক চীনা কলা। আন আন দেশতো বনছাই আৰু পেনজিংৰ দৰে শিল্প দেখিবলৈ পোৱা যায়।
নান্দনিক আকাৰ আকৃতি আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে মানুহে বনছাই ভাল পায়। তদুপৰি বনছাইক ৰক্ষণাবেক্ষণ দিয়া আৰু যত্ন লোৱা কাম যথেষ্ট আমোদজনক। বনছাই প্ৰস্তুত কৰিবলৈ বহুত বছৰ লাগে। আৰু ভালকৈ যত্ন ল’লে ই বহু বছৰ জীয়াই থাকে। কিছুমান ঠাইত বনছাই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্ময়ে উত্তৰাধিকাৰ হিচাপে পায়।
এটি সৰু পুলিৰ পৰা বনছাই আৰম্ভ কৰা হয়। এই পুলি যি কোনো উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰি।
বনছাই প্ৰস্তুত কৰিবলৈ প্ৰথমে পুলিটো মাটিৰ পৰা আনি শিপাসমূহ পৰিষ্কাৰ কৰা হয়। তাৰ পিছত ইয়াৰ শিপা আৰু ডালসমূহ প্ৰয়োজন মতে কাটি লোৱা লোৱা হয়। গছ জোপা পাত্ৰত থব পৰাকৈ শিপসমূহ কাটি পাত্ৰটো মাটিৰে ঢাকি দিয়া হয়। সেইদৰে গছ জোপা সৰু দেখাবলৈ ডাল সমূহ অলপ কাটি দিয়া হয়। তাৰ পিছত গছ জোপা ঘৰৰ ভিতৰত বা বাহিৰত বাঢ়িবলৈ দিয়া হয়। পাত্ৰটো পৰা পক্ষত সৰু হোৱা ভাল। মাজে মাজে পানী দিয়া আৰু আৰু আন আন পৰিচৰ্য্যাৰ লগতে অদৰকাৰী ডাল পাত কাটি থকা হয়। গছ জোপা বাঢ়ি থাকোঁতে নিজৰ ইচ্ছা অনুযায়ী ভিন ভিন আকাৰ আকৃতি দিব পাৰি। কেইবাবছৰৰ মূৰে মূৰে পাত্ৰটো সলনি কৰিব পাৰি।
সাধাৰণতে সৰু পাতৰ গছ বোৰেৰে বনছাই ভাল হয়। পাত বোৰ বেছি ডাঙৰ হ’লে বনছাইক সৰু যেন নেদেখাব। এটি ভাল বনছাইৰ পুৰণি যেন দেখা বাকলি আৰু শিপা থাকে।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/66/Bonsai_tree2.jpg/640px-Bonsai_tree2.jpg)