বদলা পদ্ম আতা সত্ৰ
From Wikipedia, the free encyclopedia
বদলা পদ্ম আতা সত্ৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শক্ৰাহী গাওঁত অৱস্থিত। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত এই সত্ৰখন স্থাপন কৰে[1]। প্ৰবাদ আছে যে বদলা পদ্ম আতাই মাধৱদেৱৰ অধীনত উজনি অসমত বৈষ্ণৱ ধৰ্ম চোৱা চিতাৰ ভাৰ পাইছিল, তেখেতে জমদগ্নিৰ ভূমিত এই সত্ৰখন স্থাপন কৰিছিল। এসময়ত এই স্থান বৈষ্ণৱ ধৰ্ম চৰ্চাৰ মূখ্য কেন্দ্ৰ হৈ পৰিছিল। শংকৰ-মাধৱৰ মহাপ্ৰয়ানৰ পাছত বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বদলা পদ্ম আতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সত্ৰ খন অনেক পুৰণি গ্ৰন্থৰ সংগ্ৰহেৰে সমৃদ্ধ। বদলা সত্ৰৰ লগতে আছে "ফুলনিথান"।
ক্ষিপ্ৰ তথ্য শ্ৰীশ্ৰীবদলা পদ্মআতা শক্ৰাহী সত্ৰ, ভূ-স্থানাংক ...
শ্ৰীশ্ৰীবদলা পদ্মআতা শক্ৰাহী সত্ৰ | |
---|---|
ভূ-স্থানাংক | 26°59′47″N 93°53′49″E |
নাম | |
অন্য নাম | শক্ৰাহী সত্ৰ |
স্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | লক্ষীমপুৰ |
এলেকা | নাৰায়ণপুৰ,শক্ৰাহী |
স্থাপত্য আৰু সংস্কৃতি | |
প্ৰধান উৎসৱ | শংকৰদেৱৰ আবিৰ্ভাৱ আৰু তিৰোভাব তিথি,মাধৱদেৱৰ আবিৰ্ভাৱ ও তিৰোভাৱ তিথি,পদ্মআতাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ তিথি,দৌলযাত্ৰা(কলীয়া গোঁসাই ভ্ৰমণ),তিনি বিহু,ভাগৱত পাঠ,জন্মাষ্টমী,বৃন্দাৱনীয়া নাম |
ইতিহাস | |
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
১৬৬৩ |
প্ৰতিস্থাপক | বদলা পদ্ম আতা |
বন্ধ কৰক