বগী জলকীয়া
From Wikipedia, the free encyclopedia
বগী জলকীয়া (বৈজ্ঞানিক নাম: Capsicum frutescens) এক প্ৰকাৰৰ জলকীয়া। এই জলকীয়াবোৰ সাধাৰণতে একবৰ্ষী বা কম আয়ুসৰ বহুবৰ্ষজীৱী উদ্ভিদ। ফুলবোৰ সেউজ-বগা বা সেউজ-হালধীয়া পাহীৰ সৈতে বগা বৰণৰ, আৰু পতংগ- অথবা স্ব-পৰাগনৰ দ্বাৰা বংশবৃদ্ধি হয়। আকাৰ প্ৰায় ১০-২০ মিলিমিটাৰ দীঘল আৰু ৩-৭ মিলিমিটাৰ পৰিধিৰ অতি ক্ষুদ্ৰাকৃতিৰ।[1] কুমলীয়া ফলবোৰ শেতা-হালধীয়া আৰু পুৰঠ হলে উজ্বল ৰঙা বৰণৰ হয়, কিন্তু অন্য ৰঙৰো হব পাৰে। অন্য কেপ্ছিকাম প্ৰজাতিৰ তুলনাত এই প্ৰজাতিটো নিচেই সৰু আকাৰৰ।
ক্ষিপ্ৰ তথ্য বগী জলকীয়া, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
বগী জলকীয়া | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Solanales |
পৰিয়াল: | Solanaceae |
গণ: | Capsicum |
প্ৰজাতি: | C. frutescens |
বৈজ্ঞানিক নাম | |
Capsicum frutescens L. |
বন্ধ কৰক