বগীবিল দলং
ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং / From Wikipedia, the free encyclopedia
বগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত অৱস্থিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং। ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰগাওঁৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলঙৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলং ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং। দুখলপীয়া দলংখনত ওপৰৰ খাপত তিনিটা লেনযুক্ত পথ আছে ।[1]
ক্ষিপ্ৰ তথ্য বগীবিল দলং, বহন কৰে ...
বগীবিল দলং | |
---|---|
বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে | |
বহন কৰে | তিনি লেনযুক্ত পথ, দুই লেনযুক্ত ৰেলপথ |
স্থানীয় | ধেমাজী জিলা আৰু ডিব্ৰুগড় জিলা, অসম, ভাৰত |
ডিজাইন | Truss bridge |
পদাৰ্থ | ষ্টিল, কংক্ৰিট |
মুঠ দৈৰ্ঘ্য | ৪.৯৪ কিমি |
Longest span | ১২৫ মিটাৰ |
Number of spans | ৪২ |
নিৰ্মাণকৰ্তা | হিন্দুস্থান নিৰ্মাণকাৰী সংস্থা আৰু গেমন ইণ্ডিয়া |
নিৰ্মাণ আৰম্ভ হয় | ২১ এপ্ৰিল ২০০২ (2002-04-21) |
নিৰ্মাণ শেষ হয় | ২০১৮ |
মুকলি | ২৫ ডিচেম্বৰ ২০১৮ |
স্থানাঙ্ক | 27°24′31″N 94°45′37″E |
বন্ধ কৰক