আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা From Wikipedia, the free encyclopedia
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ চমুকৈ বিমষ্টেক দক্ষিণ-পূব এছিয়াৰ বংগোপসাগৰৰ আশে-পাশে থকা দেশ কেইখনমান আন্তৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুঠ জনসংখ্যা ১.৫ বিলিয়ন আৰু মুঠ ঘৰুৱা আয় ৩.৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ।[3][4] বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহ হ'ল— বাংলাদেশ, ভাৰত, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড, নেপাল আৰু ভূটান।[5] গোটেই কেইখন ৰাষ্ট্ৰ বংগোপসাগৰৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰ।
বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ (বিমষ্টেক) আন ভাষাত নাম
|
||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
সচিবালয় | ঢাকা, বাংলাদেশ[1] | |||||||||||||
সদস্যপদ | ||||||||||||||
ৰাষ্ট্ৰনেতা (বৃন্দ) | ||||||||||||||
- | সভাপতি | শ্ৰীলংকা (২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা)[2] | ||||||||||||
প্ৰতিষ্ঠাকাল | ৬ জুন ১৯৯৭ | |||||||||||||
ৱেবচাইট bimstec |
বিমষ্টেকত ১৪টা মুখ্য বিষয় চিনাক্ত কৰা হৈছে আৰু সদস্য ৰাষ্ট্ৰসমূত এইবিষয়ে বিভিন্ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে।[3][6]বিমষ্টেকৰ সদস্য সমূহৰ মাজত মুক্ত অৰ্থনীতিৰ চুক্তি বুজাপৰা চলি আছে।
ইয়াৰ নেতৃত্বৰ বাবে সদস্য ৰাষ্ট্ৰসমূহৰ পৰা বৰ্ণানুক্ৰমিক ৰীতিত চয়ন কৰা হয়। ইয়াৰ সচিবালয় বাংলাদেশৰ ঢাকাত অৱস্থিত।