ফিডেল কাষ্ট্ৰ'
From Wikipedia, the free encyclopedia
ফিডেল আলেসাণ্ড্ৰ' কাষ্ট্ৰ' ৰুছ[1], যি ফিডেল কাষ্ট্ৰ' (ইংৰাজী: Fidel Castro; আগষ্ট ১৩, ১৯২৬[2] - নৱেম্বৰ ২৫, ২০১৬) নামেৰে জনপ্ৰিয়, আছিল এগৰাকী কিউবান ৰাজনীতিবিদ আৰু বিপ্লৱী। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে ১৯৫৯ৰপৰা ১৯৭৬লৈ আৰু ৰাষ্ট্ৰপতি হিচাপে ১৯৭৬ৰপৰা ২০০৮লৈ কিউবা গণৰাজ্য শাসন কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ এজন মাৰ্ক্সবাদী-লেনিনবাদী আৰু কিউবান জাতীয়তাবাদী। তেখেত কমিউনিষ্ট পাৰ্টি অৱ কিউবাৰ প্ৰথম চেক্ৰেটেৰী আছিল ১৯৬১ৰপৰা ২০১১লৈ। তেখেতৰ শাসনত কিউবা এক-পাৰ্টি সমাজবাদী ৰাজ্য হ'ল, উদ্যোগ আৰু বাণিজ্য ৰাষ্ট্ৰীয়কৃত কৰা হ'ল, আৰু সমাজত ৰাজ্য সমাজবাদী সংস্কাৰ অনা হ'ল।
ক্ষিপ্ৰ তথ্য ফিডেল কাষ্ট্ৰ', কিউবাৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথম নিৰ্দেশক ...
ফিডেল কাষ্ট্ৰ' | |
---|---|
১৯৫৯ চনত আমেৰিকা ভ্ৰমণৰ সময়ছোৱাত কাষ্ট্ৰ' | |
কিউবাৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথম নিৰ্দেশক | |
কাৰ্যকাল ২৪ জুন ১৯৬১ – ১৯ এপ্ৰিল ২০১১ | |
সহকাৰী | ৰাউল কাষ্ট্ৰ |
পূৰ্বসূৰী | বলাছ ৰকা কালদেৰিও |
উত্তৰসূৰী | ৰাউল কাষ্ট্ৰ |
কিউবাৰ ১৫তম ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২ ডিচেম্বৰ ১৯৭৬ – ২৪ ফেব্ৰুৱাৰী ২০০৮[টোকা 1] | |
প্ৰধানমন্ত্ৰী | তেওঁ নিজে (মন্ত্ৰীপৰিষদৰ সভাপতি) |
উপ ৰাষ্ট্ৰপতি | ৰাউল কাষ্ট্ৰ |
পূৰ্বসূৰী | অসভাল্ড' ড্ৰটিক্স ত'ৰাদ' |
উত্তৰসূৰী | ৰাউল কাষ্ট্ৰ |
কিউবাৰ ১৬তম প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ১৬ ফেব্ৰুৱাৰী ১৯৫৯ – ২ ডিচেম্বৰ ১৯৭৬ | |
ৰাষ্ট্ৰপতি | মেনুৱেল উৰুছিয়া ললিও অসভাল্ড' ড্ৰটিক্স ত'ৰাদ' |
পূৰ্বসূৰী | জোছ মিৰ' কাৰ্ডোনা |
উত্তৰসূৰী | তেওঁ নিজে |
নন এলাইণ্ট মুভমেণ্টৰ ৭ম আৰু ২৩তম সচিব | |
কাৰ্যকাল ১৬ ছেপ্টেম্বৰ ২০০৬ – ২৪ ফেব্ৰুৱাৰী ২০০৮ | |
পূৰ্বসূৰী | আব্দুল্লা আহমেদ বাদায়ি |
উত্তৰসূৰী | ৰাউল কাষ্ট্ৰ |
কাৰ্যকাল ১০ ছেপ্টেম্বৰ ১৯৭৯ – ৬ মাৰ্চ ১৯৮৩ | |
পূৰ্বসূৰী | জুনিয়াছ ৰিচাৰ্ড জোৱাৰদেনে |
উত্তৰসূৰী | নীলম সঞ্জীৱ ৰেড্ডী |
ব্যক্তিগত তথ্য | |
জন্ম | Fidel Alejandro Castro Ruz ১৩ আগষ্ট, ১৯২৬ বিৰান, কিউবা |
মৃত্যু | ২৫ নৱেম্বৰ, ২০১৬ (৯০ বছৰ) হাভানা, কিউবা |
সমাধিস্থল | ছাণ্টাটা ইফীজানিয়া সমাধিক্ষেত্ৰ |
ৰাজনৈতিক দল | অৰ্থ'ডক্স পাৰ্টি (১৯৪৭-১৯৫২) ২৬তম জুলাই সংগ্ৰাম (১৯৫৫-১৯৬৫) কমিউনিষ্ট পাৰ্টি অফ কিউবা (১৯৬৫-২০১৬) |
দাম্পত্যসঙ্গী | মিৰটা ডিয়াজ বালাৰ্ট (বি. ১৯৪৮; বিবি. ১৯৫৫) ডালিয়া ছট' ডেল ভেলে (বি. ১৯৮০) |
সন্তান | ১১ গৰাকী |
পিতৃ-মাতৃ | এঞ্জেল কাষ্ট্ৰ আৰ্জিজ লীনা ৰুজ গঞ্জলেজ |
সম্বন্ধীয় | ৰাউল কাষ্ট্ৰ(ভাতৃ) ৰেমন কাষ্ট্ৰ (ভাতৃ) জনিতা কাষ্ট্ৰ (ভগ্নী) |
বাসস্থান | ছাণ্টিএগ' ডে কিউবা |
শিক্ষানুষ্ঠান | হাভানা বিশ্ববিদ্যালয় |
জীৱিকা | অধিবক্তা, ৰাজনৈতিক নেতা |
স্বাক্ষৰ | |
*Presidential powers were transferred to Raúl Castro from July 31, 2006. |
বন্ধ কৰক