ফণী (ঘূৰ্ণীবতাহ)
From Wikipedia, the free encyclopedia
ফণী (বঙালী: ‘ফণী’, অৰ্থ "সাপৰ ফণা")[1] হৈছে এক শক্তিশালী গ্ৰীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ। ভাৰত আৰু বাংলাদেশ ই অত্যন্ত আতংকৰ সৃষ্টি কৰিছে। ঘূৰ্ণীবতাহ 'ফণী'ৰ নাম দিছে বাংলাদেশে। ইয়াৰ অৰ্থ সাপ বা ফণা তুলিব পৰা কোনো প্ৰাণী।[2] ই ভাৰত বতৰবিজ্ঞান বিভাগৰ (আইএমডি)ৰ দ্বাৰা নামাঙ্কিত প্ৰথম বতাহ। ফণী ভাৰত মহাসাগৰৰ সুমাত্ৰাৰ পশ্চিমে অৱস্থিত ক্ৰান্তীয় নিম্নচাপৰ পৰা ২৬ এপ্ৰিলত সৃষ্টি হৈছিল। ফণী ধীৰে ধীৰে পশ্চিমাভিমুখে গমণ কৰে আৰু অধিক শক্তিশালী হৈ গৈ থাকে। নামকৰণৰ দুই দিনৰ পিছতেই ঘূৰ্ণীবতাহ ফণী তীব্ৰতৰ হৈ উঠে। ই বতৰৰ দ্বিতীয় নামাঙ্কিত বতাহ হৈ উঠে। ফণী উত্তৰৰ ফালে অগ্ৰসৰ হৈ থাকে, এই সময়ত বিভক্ত মধ্যপন্থী উল্লম্ব বায়ুৰ সৈতে হোৱা তীব্ৰতৰ সংগ্ৰামত তাৰ অগ্ৰগতি ব্যাহত হয়। বায়ু বিভক্ত স্থানৰ পৰা দূৰলৈ গমন কৰাৰ পিছত, ফণী দ্ৰুত তীব্ৰতৰ হবলৈ আৰম্ভ কৰে আৰু ৩০ এপ্ৰিল, ২০১৯ত ই অত্যন্ত তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ লয়।
| |||
---|---|---|---|
ধুমুহাৰ শেহতীয়া স্থিতি
অতিপাত তীব্ৰ ঘূৰ্ণী ধুমুহা (আই.এম.ডি.) ৪ৰ্থ শ্ৰেণীৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহ (১-মি. গড়) | |||
| |||
সময়: | ১১:৩০ ভা.মা.স (০৬:০০ ইউ.টি.চি.), ৩ মে | ||
এলেকা: | 20.5°N 86.0°E / 20.5; 86.0 (ফণী) 25 km (16 মাইল) উত্তৰ-পূৱ ভূবনেশ্বৰ 170 km (110 মাইল) দক্ষিণ-দক্ষিণপশ্চিম বাৰিপাড়া | ||
প্ৰবাহিত বতাহ: | ১৪০ কিমি/ঘ; ৮৫ মাপ্ৰঘ (৩-মি. গড়) ১৩০ কিমি/ঘ; ৮০ মাপ্ৰঘ (১-মি. গড়) সৰ্বাধিক বেগ ১৬৫ কিমি/ঘ; ১০৫ মাপ্ৰঘ | ||
চাপ: | ৯৬৪ hPa (২৮.৪৭ inHg) | ||
সঞ্চালন: | NNE at 7 kn (১৩ কিমি/ঘ; ৮ মাপ্ৰঘ) | ||
;আৰু অধিক বিস্তাৰিত বিৱৰণ চাওক। |