পৰী (ইউৰোপীয় লোককথা)
From Wikipedia, the free encyclopedia
পৰী (ইংৰাজী: fairy, fay, fae, fey, fair folk, বা faerie বুলিও কোৱা হয়) হৈছে ইউৰোপীয় সংস্কৃতিৰ লোককথাত বৰ্ণিত এক প্ৰকাৰৰ পৌৰাণিক সত্তা বা কিংবদন্তিমূলক জীৱ। এই পৰীক প্ৰায়ে আধ্যাত্মিক, অতিপ্ৰাকৃতিক বা অপ্ৰাকৃতিক গুণ বিশিষ্ট নৃগোষ্ঠীয় আত্মাৰ এটা ৰূপ বুলি বৰ্ণনা কৰা হয়।
পৰীৰ কথা আৰু উৎপত্তি সম্পৰ্কীয় কোনো একক উৎস নাই, বৰঞ্চ ই পৃথক পৃথক উৎসৰ পৰা পোৱা লোকবিশ্বাসৰ সংকলন। পৰীৰ উৎপত্তিৰ বিষয়ে বিভিন্ন লোক তত্ত্বৰ ভিতৰত আছে খ্ৰীষ্টান পৰম্পৰাৰ পদচ্যুত দেৱ-দূত বা দানৱ হিচাপে, পৌত্তলিকতাবাদৰ বিশ্বাসত দেৱতা হিচাপে, মৃতকৰ আত্মা, মানুহৰ প্ৰাগঐতিহাসিক পূৰ্বসূৰী বা প্ৰকৃতিৰ আত্মা হিচাপে বৰ্ণনা কৰা হয়।
কেতিয়াবা যাদুকৰী শক্তি আৰু কৌশলৰ থকা কেৱল মানুহৰ দৰে মুখাৱয়বৰ নিৰ্দিষ্ট যাদুকৰী জীৱৰ ক্ষেত্ৰতহে পৰী শব্দটো প্ৰযোজ্য হৈ আহিছে। আনহাতে কেতিয়াবা গবলিন আৰু গ্নোমৰ দৰে যিকোনো যাদুকৰী জীৱৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। পৰীক কেতিয়াবা বিশেষণ হিচাপেও ব্যৱহাৰ কৰা হয়, যাৰ অৰ্থ "যাদুকৰী"ৰ সমতুল্য। এই সত্তাবোৰৰ উৎপত্তি স্থানক পৰীৰ দেশৰ বুলি কোৱা হয়।
পৰী সম্পৰ্কে থকা এটা কিংবদন্তিৰ মতে সুৰক্ষামূলক ব্যৱস্থাৰ দ্বাৰা পৰীক আঁতৰাই ৰখাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হয়। এনে কিছুমান ব্যৱস্থা হৈছে গীৰ্জাৰ ঘণ্টা, ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই কাপোৰ পিন্ধা আৰু খাদ্য আদি। পৰীবোৰে কেতিয়াবা কিছুমান নিৰ্দিষ্ট স্থানত আক্ৰমণ কৰে আৰু ধনগুলৈ (will-o'-the-wisps) ব্যৱহাৰ কৰি ভ্ৰমণকাৰীক বিপথে পৰিচালিত কৰে বুলিও ভবা হৈছিল। আধুনিক চিকিৎসা বিজ্ঞানৰ আবিৰ্ভাৱৰ আগতে অসুস্থতা, বিশেষকৈ যক্ষ্মা আৰু জন্মগত বিকৃতিৰ বাবে প্ৰায়ে পৰীক দোষাৰোপ কৰা হৈছিল।
লোককথাৰ উৎপত্তিৰ উপৰিও পৰী নবজাগৰণ যুগৰ সাহিত্য আৰু ৰোমাণ্টিক শিল্পৰ এটা সাধাৰণ বৈশিষ্ট্য আছিল আৰু ভিক্টোৰিয়ান আৰু এডৱাৰ্ডিয়ান যুগত যুক্তৰাজ্যত বিশেষভাৱে জনপ্ৰিয় আছিল। কেলটিক পুনৰুজ্জীৱনত (Celtic Revival) পৰীকো কেলটিক সাংস্কৃতিক ঐতিহ্যৰ এক নীতিগত অংশ হিচাপে প্ৰতিষ্ঠা কৰা দেখা গৈছিল।