পৰিসীমা
From Wikipedia, the free encyclopedia
পৰিসীমা পৰিসীমা, ইংৰাজীৰ 'perimeter' মানে হৈছে দুই মাত্ৰা বা পৰিসৰৰ একোটা আকৃতিৰ চাৰিওফালৰ পথটোৰ মুঠ দৈঘ্য। বৃত্তৰ ক্ষেত্ৰত এই পৰিসীমাক পৰিধি বুলি কোৱা হয়।
বাস্তৱ ক্ষেত্ৰত গণিতৰ এই পৰিসীমা নিৰ্ণয় ব্যৱস্থাটোৰ যথেষ্ট প্ৰয়োগ দেখা যায়। এখন খেল পথাৰৰ পৰিসীমা নিৰ্ণয় কৰি পথাৰৰ চাৰিওফালে দিব লগীয়া ফেন্সিঙৰ মুঠ দৈঘ্য নিৰ্ণয় কৰিব পাৰি আৰু সেই অনুপাতে ফেন্সিং কিনোতে হ'ব লগীয়া খৰচৰ হিচাপ কৰিব পাৰি।