প্ৰীতি জিণ্টা
ভাৰতীয় অভিনেত্ৰী / From Wikipedia, the free encyclopedia
প্ৰীতি জিণ্টা (ইংৰাজী: Preity G Zinta)[1] (pronounced [ˈpriːt̪i ˈzɪɳʈa]; জন্ম-৩১ জানুৱাৰী ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু উদ্যোগী৷ তেখেতৰ সৰহভাগ ছবি হিন্দী ভাষাৰে৷ ইংৰাজ সাহিত্য আৰু অপৰাধমূলক মনোবিজ্ঞানত স্নাতকডিগ্ৰী লাভ কৰাৰ অন্তত প্ৰীতিয়ে ১৯৯৮ চনত দিল ছে... নামৰ ছবিখনৰ জৰিয়তে অভিষেক বলিউদত পদাৰ্পণ কৰে৷ ১৯৯৮ চনতে তেখেতৰ আন এখন জনপ্ৰিয় ছবি ছ'লজাৰয়েও মুক্তি লাভ কৰে৷ ছবিদুখত অভিনয়ৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ বঁটা লাভ কৰে৷ ২০০০ চনত মুক্তিলাভ কৰা ছবি ক্যা কেহনাত প্ৰীতিয়ে এগৰাকী অকলশৰীয়া কিশোৰী মাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ পৰৱৰ্তী কালত তেখেতে বহুতো ভিন্নধৰ্মী চৰিত্ৰৰ সফল ৰূপায়ণেৰে বলিউডত নিজকে প্ৰতিষ্ঠা কৰে৷ তেখেতৰ কিছুমান চৰিত্ৰ সাংস্কৃতিকভাৱে দ্ব্যৰ্থপূৰ্ণ৷ তেখেতে নিৰ্বাচন কৰা অপ্ৰচলিত স্ক্ৰীণ-উপস্থিতিয়ে বলিউডৰ নায়িকাৰ বহুপ্ৰচলিত আৰু আৰোপিত ধাৰণাটোৰ পৰিৱৰ্তন কৰে বুলি ভবা হয়৷ সুদীৰ্ঘ কেৰিয়াৰত প্ৰীতি জিণ্টাই ফিল্মফেয়াৰ, আইফাকে ধৰি তেখেতে বহুকেইটা জনপ্ৰিয় আৰু সমাদৃত বঁটা এতিয়ালৈকে অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ [2]
প্ৰীতি জিণ্টা Preity Zinta | |
---|---|
২০১৮ চনত প্ৰীতি জিণ্টা | |
জন্ম | ৩১ জানুৱাৰী, ১৯৭৫ (৪৯ বছৰ) ছিমলা, হিমাচল প্ৰদেশ, ভাৰত |
শিক্ষানুষ্ঠান | ছেইণ্ট বেডেছ কলেজ, ছিমলা |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৯৮–বৰ্তমান |
উল্লেখযোগ্য কৰ্ম |
|
দাম্পত্যসঙ্গী | গিনি গুডএনাফ,২০১৬ |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
স্বাক্ষৰ | |