প্ৰযুক্তি
From Wikipedia, the free encyclopedia
প্ৰযুক্তি হৈছে কোনো সমস্যা সমাধানৰ বাবে নাইবা কোনো কামত লগাবৰ বাবে সঁজুলি, কৌশল, শিল্প, প্ৰণালী বা সজোৱাৰ পদ্ধতিৰ সৃষ্টি কৰা, ব্যৱহাৰ কৰা আৰু জ্ঞান লাভ কৰা। প্ৰযুক্তি শব্দৰ ইংৰাজী প্ৰতিশব্দ ‘technology’ আহিছে গ্ৰীক τεχνολογία (technología) (মূল τέχνη অৰ্থাৎ téchnē) শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল কলা, দক্ষতা বা শিল্প।[1] শব্দটো সাধাৰণভাৱে নাইবা কোনো বিশেষ ক্ষেত্ৰত যেনে: 'নিৰ্মাণ প্ৰযুক্তি', 'স্বাস্থ্য প্ৰযুক্তি', 'তথ্য প্ৰযুক্তি' আদিত প্ৰয়োগ কৰিব পাৰি।
মানৱ আৰু আন জীৱ-জন্তুক চৌপাশৰ পৰিবেশক নিয়ন্ত্ৰণ কৰিবলৈ বা খাপ খুৱাই লোৱাত প্ৰভুত সহায় কৰে। প্ৰাকৃতিক সম্পদক সাধাৰণ সঁজুলিলৈ ৰূপান্তৰ কৰি লোৱাৰে পৰা মানৱ প্ৰজাতিয়ে প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰে। জুই নিয়ন্ত্ৰণৰ ক্ষমতাৰ প্ৰাক্-ঐতিহাসিক আৱিষ্কাৰে মানুহক খাদ্যৰ উৎস বঢ়োৱাত সহায় কৰিলে; আৰু চকাৰ উদ্ভাৱনে যাত্ৰা কৰাত আৰু চৌপাশৰ পৰিবেশৰ জ্ঞান আয়ত্ত কৰাত সহায় কৰিলে। শেহতীয়া প্ৰযুক্তিগত উন্নয়ন যেনে- ছপাশাল, টেলিফোন আৰু ইণ্টাৰনেটে যোগাযোগৰ বাধা আঁতৰ কৰিছে আৰু গোলকীয় মাপত আদান-প্ৰদানৰ সুযোগ দিছে। কিন্তু সকলো প্ৰযুক্তিয়েই শান্তিৰ কামত ব্যৱহৃত হোৱা নাই। ধ্বংসাত্মক অস্ত্ৰৰ উদ্ভাৱন আৰু ব্যৱহাৰ সহায়েই চলি আহিছে, লাগিলে সি সাধাৰণ মুদ্গৰৰেই হওক বা পাৰমাণৱিক অস্ত্ৰই হওক।
প্ৰযুক্তিয়ে সমাজক নানাধৰণেৰে প্ৰভাৱিত কৰিছে। বহুতো সমাজে প্ৰযুক্তিৰ সহায়ত উচ্চতৰ অৰ্থনীতি গঢ়ি তুলিছে (আজিকালিৰ গোলকীয় অৰ্থনীতিকে ধৰি) আৰু সামাজিক শ্ৰেণীক অৱকাশৰ সুযোগ দিছে। পৃথিৱী আৰু ইয়াৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰা প্ৰদূষণ আৰু হ্ৰাসিত প্ৰাকৃতিক সম্পদৰ সমস্যাও প্ৰযুক্তিৰে দান। নতুন প্ৰযুক্তিয়ে সমাজৰ মূল্যবোধক প্ৰভাৱিত কৰাৰ উপৰিও ন-ন নৈতিক প্ৰশ্নৰ জন্ম দিয়ে। উদাহৰণস্বৰূপে মানৱ উৎপাদনশীলতাত দক্ষতাৰ বৰ্ধমান ধাৰণা যিটো আগতে কেৱল যন্ত্ৰৰ বাবেহে প্ৰয়োগ কৰা হৈছিল আৰু আন আন পৰম্পৰাগত ৰীতিৰ প্ৰত্যাহ্বান।
প্ৰযুক্তিয়ে মানুহৰ অৱস্থা উন্নত কৰেনে অনুন্নত কৰে আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে দাৰ্শনিক তৰ্ক-বিতৰ্ক বহুকালৰে পৰা চলি আহিছে। নব্য-লুডিবাদ (Neo-Luddism), নৈৰাজ্য-আদিবাদ (anarcho-primitivism) আৰু তেনে বিপ্লৱবোৰে আধুনিক জগতত প্ৰযুক্তিৰ বহুল প্ৰসাৰে পৰিবেশ আৰু মানৱতা বিনষ্ট কৰা বুলি সমালোচনা কৰি আহিছে। আনহাতে প্ৰযুক্তি-প্ৰগতিবাদৰ দৰে ধাৰণাই প্ৰযুক্তিক সমাজ আৰু মানুহৰ অৱস্থাৰ উন্নতিৰ বাবে লাভদায়ক বুলি যুক্তি দৰ্শায়। কিছুবছৰৰ আগলৈকে প্ৰযুক্তিৰ বিকাশ কেৱল মানুহৰ মাজত সীমাবদ্ধ বুলি ভবা হৈছিল, কিন্তু শেহতীয়া বৈজ্ঞানিক তথ্যৰ পৰা জানিব পৰা গৈছে যে আন প্ৰাইমেট আৰু কোনো কোনো ডলফিন প্ৰজাতিয়ে সাধাৰণ সঁজুলিৰ জ্ঞান বিকাশ কৰি সেয়া পিছৰ প্ৰজন্মলৈ পঠিয়াবলৈ শিকিছে।