প্ৰদূষণ
বায়ু প্ৰদূষণৰ প্ৰতিৰোধ ব্যবস্থা / From Wikipedia, the free encyclopedia
প্ৰদূষণ হ’ল প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তন। [1] প্ৰদূষণে যিকোনো পদাৰ্থ (কঠিন, তৰল বা গেছ) বা শক্তি (যেনে তেজস্ক্ৰিয়তা, তাপ, শব্দ বা পোহৰ)ৰ ৰূপ ল’ব পাৰে। প্ৰদূষণৰ কাৰক অৰ্থাৎ প্ৰদূষকসমূহ বিদেশী পদাৰ্থ/শক্তি বা প্ৰাকৃতিকভাৱে পোৱা যিকোনো কাৰক হ’ব পাৰে। প্ৰাকৃতিক পৰিঘটনাৰ ফলত পৰিৱেশ প্ৰদূষণ হ’ব পাৰে যদিও প্ৰদূষণ শব্দটোৱে সাধাৰণতে মানুহৰ কাৰ্যকলাপৰ দ্বাৰা পৰিৱেশ দূষিত হোৱাকে বুজায়। প্ৰদূষণক প্ৰায়ে বিন্দু উৎস (point source pollution) বা অবিন্দু উৎস প্ৰদূষণ (nonpoint source pollution) হিচাপে শ্ৰেণীভুক্ত কৰা হয়। ২০১৫ চনত প্ৰদূষণৰ ফলত সমগ্ৰ বিশ্বতে ৯০ লাখ লোক (প্ৰতি ছয়জনৰ ভিতৰত এজন)ৰ মৃত্যু হৈছিল।[2] ২০১৯ চনতো এই হাৰ একেই থাকিল বুলি জনা যায়। ইয়াৰে ৩ ⁄ ৪ শতাংশৰ মৃত্যুৰ কাৰণ আছিল বায়ু প্ৰদূষণ।[3][4]
আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱেশ সুৰক্ষা প্ৰশাসনে দিয়া প্ৰদূষণৰ সংজ্ঞা অনুসৰি "পানী, মাটি বা বায়ুত থকা যিকোনো পদাৰ্থ যিয়ে পৰিৱেশৰ প্ৰাকৃতিক গুণগত মান অৱনমিত কৰে, দৃষ্টিশক্তি, ৰুচি বা ঘ্ৰাণ ইন্দ্ৰিয়ক আঘাত কৰে, বা স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে।[5] ইয়াৰ বিপৰীতে ৰাষ্ট্ৰসংঘই প্ৰদূষণক "পৰিৱেশৰ মাধ্যমত (বায়ু, পানী, ভূমি) এনে পদাৰ্থ আৰু তাপৰ উপস্থিতি বুলি গণ্য কৰে, যাৰ প্ৰকৃতি, স্থান বা পৰিমাণে পৰিৱেশৰ ওপৰত অবাঞ্চিত প্ৰভাৱ পেলায়।" [6]
প্ৰদূষণৰ প্ৰধান ৰূপসমূহৰ ভিতৰত বায়ু প্ৰদূষণ, পোহৰ প্ৰদূষণ, আৱৰ্জনা, শব্দ প্ৰদূষণ, প্লাষ্টিক প্ৰদূষণ, স্থল প্ৰদূক্ষণ, তেজস্ক্ৰিয় প্ৰদূষণ, তাপ প্ৰদূষণ, দৃষ্টি প্ৰদূষণ, আৰু পানী প্ৰদূষণ আদি প্ৰধান।