প্ৰথমখন উপন্যাস
ঔপন্যাসিকৰ প্ৰথমখন গ্ৰন্থ / From Wikipedia, the free encyclopedia
প্ৰথমখন উপন্যাস (ইংৰাজী: Debut Novel) হৈছে এজন ঔপন্যাসিকে প্ৰকাশ কৰা প্ৰথমখন উপন্যাস। প্ৰথমখন উপন্যাসক লেখকৰ প্ৰকাশন উদ্যোগত প্ৰভাৱ পেলোৱাৰ প্ৰথমটো সুযোগ বুলি ক'ব পাৰি, আৰু এইদৰে আত্মপ্ৰকাশ কৰা উপন্যাসখনৰ সফলতা বা বিফলতাই ভৱিষ্যতে সেইগৰাকী লেখকৰ গ্ৰন্থৰ উদ্যোগত ক্ষমতা সৃষ্টি কৰাত প্ৰভাৱ পেলাব পাৰে।[1] পূৰ্বতে সুনাম নথকা প্ৰথম ঔপন্যাসিকসকলে সাধাৰণতে প্ৰকাশক বিচাৰিবলৈ সংগ্ৰাম কৰে। কেতিয়াবা নতুন ঔপন্যাসিকসকলে নিজৰ প্ৰথম উপন্যাস স্ব-প্ৰকাশ কৰে, কাৰণ প্ৰকাশন প্ৰতিষ্ঠানসমূহে কোনো অজ্ঞাত লেখকৰ কিতাপ জনসাধাৰণৰ আগত বজাৰত বিক্ৰী কৰিবলৈ সন্মত নহয় আৰু প্ৰয়োজনীয় মূলধনখিনি বিনিয়োগ কৰিবলৈও আগবাঢ়ি নাযায়।[1][2] বেছিভাগ প্ৰকাশকে উপন্যাস, বিশেষকৈ আত্মপ্ৰকাশৰ উপন্যাসখনৰ অধিকাৰ সাহিত্যিক এজেণ্টৰ জৰিয়তে ক্ৰয় কৰে, যিয়ে প্ৰকাশকলৈ প্ৰেৰণ কৰাৰ আগতে ক্লায়েণ্টৰ কাম পৰীক্ষা কৰে।[3]প্ৰকাশনৰ এই বাধাসমূহে অজ্ঞাত ৰচনাসমূহ পৰ্যালোচনা আৰু প্ৰকাশৰ ক্ষেত্ৰত দুয়োগৰাকী প্ৰকাশকৰ সীমাসমূহ উন্মুক্ত কৰে। আনহাতে পাঠকেও সাধাৰণতে প্ৰথম লেখকতকৈ সুনাম থকা প্ৰতিষ্ঠিত লেখকৰ কিতাপ অধিক ক্ৰয় কৰে। এই কাৰণতে সাহিত্যিক সমাজে এনে বঁটা সৃষ্টি কৰিছে যিয়ে ব্যতিক্ৰমী আত্মপ্ৰকাশমূলক উপন্যাসক স্বীকৃতি দিয়াত সহায় কৰে।