![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/42/Shaqi_jrvej.jpg/640px-Shaqi_jrvej.jpg&w=640&q=50)
প্ৰকৃতি
From Wikipedia, the free encyclopedia
ব্যাপক অৰ্থত প্ৰকৃতি (ইংৰাজী: Nature) বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন বিজ্ঞানৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি ভবা হয়, তথাপি মানুহো প্ৰকৃতিৰে এটা অংগ।
প্ৰকৃতিৰ ইংৰাজী nature শব্দটো লেটিন শব্দnaturaৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "essential qualities, innate disposition", আৰু অতীজতে ইয়াৰ আক্ষৰিক অৰ্থ আছিল "জন্ম (birth)"। Natura হৈছে গ্ৰীক শব্দ physis (φύσις)ৰ লেটিন অনুবাদ। ই প্ৰকৃততে উদ্ভিদ, প্ৰাণী আদিৰ অন্তৰ্নিহিত বৈশিষ্ট্য আৰু পৃথিৱীৰ অন্য বৈশিষ্টৰ সৈতে সম্পৰ্কীত আছিল।[1][2] সামগ্ৰকভাবে প্ৰকৃতিৰ ধাৰণাটোত, ভৌতিক বিশ্বব্ৰহ্মাণ্ডক বুজায়।[3] "ভৌতিক" শব্দৰ ক্ষেত্ৰত দেখা যায় যে ১৫ শতিকাৰ মাজভাগত ইয়াৰ সমাৰ্থক হিচাপে "প্ৰাকৃতিক" শব্দটো ব্যৱহাৰ কৰা হৈছিল।
বৰ্তমান প্ৰকৃতি শব্দ বিশেষকৈ ভূগোল আৰু বন্য জীৱন বুজাবলৈ ব্যৱহাৰ কৰা হয়। জীৱিত উদ্ভিদ আৰু প্ৰাণীৰ সাধাৰণ বৈশিষ্ট্য বুজাবলৈও প্ৰকৃতি শব্দৰ ব্যৱহাৰ কৰা হয়। কেতিয়াবা পৃথিৱীৰ কোনো বস্তুৰ স্থিতি অথবা পৰিবৰ্তন বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়, যেনে- বতৰ, পৃথিৱীৰ ভূগোল আদি। ইয়াক প্ৰায়ে "প্ৰাকৃতিক পৰিৱেশ" বা বন্য জীৱন—বন্য প্ৰাণী, শিল, হাবি−বননি, আৰু সাধাৰণতে মানুহৰ হস্তক্ষেপ নথকা সকলো বস্তুকে বুজায়। উদাহৰণ স্বৰূপে উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ আৰু মানুহৰ অৰিহনা থকা বস্তুসমূহক প্ৰকৃতিৰ অংশ হিচাপে ধৰা নহয়। পৰম্পৰাগত ধাৰণাত প্ৰাকৃতিক বস্তু আৰু কৃত্ৰিম বস্তুৰ স্পষ্ট পাৰ্থক্যৰ ব্যখ্যা দেখিবলৈ পোৱা যায়, মানুহৰ দ্বাৰা নিৰ্মিত বা উৎপাদিত বস্তু সমূহক কৃত্ৰিম বুলি গণ্য কৰা হয়। কিছুমান বিশেষ পৰিস্থিতিত প্ৰাকৃতিক শব্দটো অপ্ৰাকৃতিক বা অতিপ্ৰাকৃতিকৰ পৰা পাৰ্থক্য দেখুৱাবলৈও ব্যৱহাৰ কৰা হয়।