![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c5/Prokaryote_cell.svg/langas-640px-Prokaryote_cell.svg.png&w=640&q=50)
প্ৰ'কোষকেন্দ্ৰীয় জীৱ
কোষকেন্দ্ৰ নথকা জীৱসমূহ / From Wikipedia, the free encyclopedia
প্ৰ'কোষকেন্দ্ৰীয় বা prokaryote হ'ল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইট'কন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে।[1] prokaryote নামটো গ্ৰীক πρό (pro) "আগত" আৰু κάρυον (karyon) "ফল বা বীজ"ৰ পৰা আহিছে।[2][3] প্ৰ'কোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভগোৱা হয়। আৱৰণ সমৃদ্ধ কোষকেন্দ্ৰ আৰু কোষাঙ্গ থকা প্ৰজাতিবোৰক সংকোষকেন্দ্ৰীয় বোলা হয়।[4] প্ৰ'কোষকেন্দ্ৰীয়বোৰে জনন কোষৰ মিলন নোহোৱাকৈ বংশবৃদ্ধি কৰে। জীৱৰ আৰম্ভণি প্ৰ'কোষকেন্দ্ৰীয়ৰ পৰাই হোৱা বুলি ধাৰণা কৰা হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c5/Prokaryote_cell.svg/640px-Prokaryote_cell.svg.png)
প্ৰ'কোষকেন্দ্ৰীয়ৰ সকলো কোষীয় উপাদান (প্ৰ'টিন, ডি এন এ আৰু আন পদাৰ্থ) কোষবেৰেৰে আবৃত হৈ একেলগে চাইট'প্লাজমত থাকে, ভিন ভিনকৈ নাথাকে। কিন্তু বেক্টেৰিয়াৰ কোষত প্ৰ'টিন-ভিত্তিক কিছুমান কোঠালি থাকে যিবোৰ আদি-কোষাঙ্গ বুলি ভবা হয়।[5][6] চায়ান'বেক্টেৰিয়াৰ দৰে কিছুমান প্ৰ'কোষকেন্দ্ৰীয়ই বৃহৎ উপনিৱেশ কৰি থাকিব পাৰে। মিক্স'বেক্টেৰিয়াৰ দৰে আন কিছুমানৰ জীৱন চক্ৰত বহুকোষী স্তৰ থাকে।[7]
আণৱিক অধ্যয়নে জৈৱিক প্ৰজাতিৰ তিনিটা গোটৰ ক্ৰমবিকাশ আৰু পাৰস্পৰিক সম্পৰ্কৰ বহু কথা পোহৰলৈ আনিছে।[8] মানুহৰ দৰে সংকোষকেন্দ্ৰীয় জীৱৰ কোষত সুনিৰ্দিষ্ট আৱৰণেৰে আবৃত কোষকেন্দ্ৰ আৰু কোষাঙ্গ থাকে। প্ৰ'কোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয়ৰ বিভাজনে কোষৰ সংগঠনৰ দুটা অতি পৃথক স্তৰক সূচায়। এক্সট্ৰিম'ফিল আৰু মিথানোজেনৰ দৰে প্ৰ'কোষকেন্দ্ৰীয় কঠিন বা চৰম পৰিবেধত বাস কৰে।[1]