![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/M%25C3%25A9xico_City_at_Night_2005.jpg/640px-M%25C3%25A9xico_City_at_Night_2005.jpg&w=640&q=50)
পোহৰ প্ৰদূষণ
From Wikipedia, the free encyclopedia
পোহৰ প্ৰদূষণ বুলিলে কৃত্ৰিম পোহৰে অনাৱশ্যকীয় ঠাইত, ভূল দিশত অনাধিকাৰ প্ৰৱেশ কৰি সৃষ্টি কৰা একপ্ৰকাৰৰ প্ৰদূষণ। গাড়ীৰ পোহৰে চকু চাঁট মাৰি ধৰা বা কোঠাৰ বিজুলী বাতি নুমাই শুই থকা অৱস্থাত বাহিৰৰ পৰা পোহৰ আহি আমনি কৰাটো পোহৰ প্ৰদূষণৰ উদাহৰণ। পোহৰক প্ৰদূষণৰ উৎস ৰূপে ধৰা হোৱা নাছিল যদিও ইয়াৰ দ্বাৰা সৃষ্ট কেতবোৰ অসুবিধাই ইয়াক প্ৰদূষণৰ শাৰীত ৰখাটো জৰুৰী হৈ পৰিছে। বিজ্ঞানে পোহৰ প্ৰদূষণৰ সংজ্ঞা তলত দিয়া ধৰণে বাখ্যা কৰিছে
- কৃত্ৰিম পোহৰৰ দ্বাৰা আৱাসাঞ্চলৰ অৱনমণ ঘটোৱা।
- মানৱসৃষ্ট পোহৰৰ উৎস সমূহৰ দ্বাৰা বাহ্যিক আৰু আভ্যন্তৰীণ পৰিৱেশত প্ৰাকৃতিক পোহৰৰ তাৰতম্য ঘটোৱা আৰু এনে তাৰতম্যৰ ফলত জীৱৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্য ওপৰত পৰা কুপ্ৰভাৱ।
- পোহৰ প্ৰদূষণ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে মানৱ সৃষ্ট।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/M%C3%A9xico_City_at_Night_2005.jpg/640px-M%C3%A9xico_City_at_Night_2005.jpg)
পোহৰ প্ৰদূষণ উদ্যোগিক সভ্যতা বিকাশৰ ফলত সৃষ্টি হোৱা এক প্ৰত্যক্ষ প্ৰভাৱ। ইয়াৰ উৎস সমূহৰ ভিতৰত অট্টালিকাৰ ভিতৰ আৰু বাহিৰ ভাগ আলোকিত কৰিবলৈ ব্যৱহাৰ কৰা বিজুলী বাতি সমূহ, বিজ্ঞাপন, ব্যৱসায়ীক সম্পত্তি, কাৰ্যালয়, কাৰখানা, পথৰ বিজুলী বাতি ইত্যাদি প্ৰধান।