![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8e/Polu.jpg/640px-Polu.jpg&w=640&q=50)
পোলাও
From Wikipedia, the free encyclopedia
পোলাও হৈছে চাউল দি তৈয়াৰ কৰা এটা মচলাযুক্ত খোৱা বস্তু।[1] চাউলৰ ৰঙ বাদামী বা সোনালী কৰিবলৈ কিছু পৰিমাণে তেলত ভাজি লোৱা হয়। পাছত ভজা পিঁয়াজ, মচলা, সব্জী ইত্যাদি যোগ কৰা হয়। অঞ্চলভেদে পোলাওয়ৰ সৈতে মাংস, মাছ, সব্জী, পাস্তা আৰু শুকান ফল যোগ কৰা হয়।
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
![]() | |
অন্য নাম | Pilav, pallao, pilau, pelau, pulao, pulaav, palaw, palavu, plov, palov, polov, polo, polu, kurysh, fulao, fulab, fulav |
---|---|
প্ৰকাৰ | প্ৰধান |
অঞ্চল | মধ্য এছিয়া, মধ্য প্ৰাচ্য, দক্ষিণ এছিয়া, পূৰ্ব আফ্ৰিকা |
পৰিবেশনৰ উষ্ণতা | গৰম |
মুখ্য উপাদান | চাউল, মচলা, মাংস বা মাছ, সব্জী, শুকান ফল |
বন্ধ কৰক
পোলাও আৰু এই ধৰণৰ খোৱা বস্তু বলকান, মধ্যপ্ৰাচ্য, ককেশাচ, মধ্য এছিয়া আৰু দক্ষিণ এছিয়া, পূৰ্ব এছিয়া, লেটিন আমেৰিকা আৰু কেৰিবীয় ৰন্ধনশৈলীত গুৰুত্বপূৰ্ণ আসন দখল কৰি আছে। বাংলাদেশ, আফগানিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, বালুচি, বুখাৰাৰ ইহুদি[2] ক্ৰেটান, টকিঅ, ভাৰত, ইৰাণ, কাজাক, কেনিয়া, পাকিস্তান, তানজানিয়া, জাঞ্জিবাৰ, উইঘুৰ, উজবেক[3][4], তাজিক [5] আৰু তুৰ্কী]][6] প্ৰভূতি ৰন্ধনশৈলীত প্ৰধান খোৱা বস্তুৰ তালিকাত পোলাওয়ে স্থান দখল কৰি আছে।