![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c1/Penrose-dreieck.svg/langas-640px-Penrose-dreieck.svg.png&w=640&q=50)
পেনৰ'জ ত্ৰিভুজ
From Wikipedia, the free encyclopedia
পেনৰ'জ ত্ৰিভুজ (বা পেনৰ'জ ট্ৰাইবাৰ, অসম্ভৱ ট্ৰাইবাৰ,[1] বা অসম্ভৱ ত্ৰিভুজ,[2] এটা ত্ৰিকোণীয় অসম্ভৱ বস্তু। এই আলোকীয় ভ্ৰমৰ বস্তুটোক দৃষ্টিকোণীয় অংকনেৰে দেখুৱাব পাৰি কিন্তু বাস্তৱত ইয়াৰ অস্তিত্ব নাই। ১৯৩৪ চনত চুইডেন শিল্পী অস্কাৰ ৰয়টাৰছভাৰ্ডে ইয়াক প্ৰথম সৃষ্টি কৰিছিল।[3] ৰয়টাৰছভাৰ্ডৰ পৰা স্বাধীনভাৱে এই ত্ৰিভুজটো ১৯৫০ চনত মনোৰোগ বিশেষজ্ঞ লিয়'নেল পেনৰ'জ আৰু তেওঁৰ পুত্ৰ বিশিষ্ট নোবেল বঁটা বিজয়ী গণিতজ্ঞ ছাৰ ৰ'জাৰ পেনৰ'জে উদ্ভাৱন আৰু জনপ্ৰিয় কৰি তুলিছিল। তেওঁলোকে ইয়াক "বিশুদ্ধতম ৰূপত অসম্ভৱ" বুলি অভিহিত কৰিছিল।[4]শিল্পী এম চি এশ্বাৰৰ সৃষ্টিত ইয়াক ভালদৰে পোৱা যায়। এশ্বাৰৰ পূৰ্বৰ অসম্ভৱ বস্তুৰ চিত্ৰণে ইয়াক আংশিকভাৱে অনুপ্ৰাণিত কৰিছিল।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c1/Penrose-dreieck.svg/320px-Penrose-dreieck.svg.png)